পৃষ্ঠা:মা দুৰ্গা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যুগত ৰাৱন বধৰ কাৰণে ৰামে দেৱী দুৰ্গাক শৰত কালত পূজা কৰিছিল। এনেকৈয়ে পৃথিৱীত দুৰ্গা পূজাৰ প্ৰচলন হয়। লিখক হালৈয়ে পৰমব্ৰহ্ম নাৰায়ণ আৰু বাগদেৱী সৰস্বতীক নমস্কাৰ জনাই গ্ৰন্থখন আৰম্ভ কৰি সৰ্বভূতৰ অধিকাৰী মা দুৰ্গাৰ বন্দনাৰে সমাপ্তি ঘটাইছে। গ্ৰন্থখনত ওজাপালীয়ে গোৱা দিহা আৰু পদৰ সমান্তৰালভাবে মূল সংস্কৃত শ্লোকেৰে সন্নিবিষ্ট কৰি গ্ৰন্থখনৰ গাম্ভীৰ্য বঢ়াইছে। ইয়াৰ যোগেদি লিখকৰ পাণ্ডিত্যৰ প্ৰকাশ পাইছে। দিহা আৰু পদৰ যোগেদি সাধাৰণ লোকে যিদৰে কাহিনীটো পঢ়ি বুজি আনন্দ পাব সেইদৰে পণ্ডিতলোকেও সংস্কৃত শ্লোকবোৰৰ মাজেদি আনন্দ লভিব। সংস্কৃতিবান, লোক পৰিবেশ্য কলা ওজাপালী সংস্কৃতিৰ সাধক ডাইনাপালী শ্ৰীহালৈয়ে পিতৃৰ পদানুসৰণ কৰি অসমৰ বিভিন্ন স্থানত ওজাপালী দলৰ সফল ডাইনাপালী হিচাপে অনুষ্ঠান পৰিৱেশন কৰি সুনাম অৰ্জন কৰিব পাৰিছে। আমি জনাত তেওঁ এজন সু চিকিৎসকো। নানা ৰোগৰ চিকিৎসা কৰি বহুলোকৰ কল্যান সাধন কৰি আছে। চৰকাৰী চাকৰি, ওজাপালী অনুষ্ঠান আৰু চিকিৎসা এই আটাইবোৰৰ লগত জড়িত হৈ ইমান ব্যস্ততাৰ মাজত থাকিও তেওঁ নিৰৱচ্ছিন্নভাবে সাহিত্য চৰ্চা কৰি ভাষা-জননীৰ সেৱা কৰি আছে বুলি জানিব পাৰিছো। তেওঁৰ প্ৰকাশিত অন্যান্য গ্ৰন্থৰ দৰে ‘মা দুৰ্গা’ গ্ৰন্থখন প্ৰকাশ হৈ ওলালে পঢ়ুৱৈ সমাজৰ পৰা সমাদৰ পাব বুলি আশা কৰিছোঁ৷ লগতে ভাষা-জননী তথা সাহিত্যৰ সেৱক সংস্কৃতিৰ পূজাৰী শ্ৰীপ্ৰভাত হালৈক অভিনন্দন জনাই তেওঁৰ শুভ কামনা কৰিছোঁ। ড°প্ৰমোদ হালৈ প্ৰাক্তন অধ্যক্ষ কামৰূপ মহাবিদ্যালয়, চামতা প্ৰাক্তন সভাপতি, নলবাৰী জিলা সাহিত্য সভা