পৃষ্ঠা:মা দুৰ্গা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰাই গ্ৰন্থ পিপাসু মনৰ ভাৰাক্ৰান্ত বোজা কঢ়িয়াই কঢ়িয়াই ভাগৰি নপৰা | প্ৰভাত হালৈ (ডাইনাপালী)ৰ গ্ৰন্থ লিখাৰ প্ৰচেষ্টা বিলাক স্বতঃস্ফূৰ্তভাবে প্ৰকাশ পাইছে আৰু গ্ৰন্থ ৰচনাত চুম্বকত আকৰ্ষণ পোৱা যেন অনুভৱ হৈছে। কেবাখনো মূল্যবান তথা জ্ঞানৰ ভৰাল থকা গ্ৰন্থ লিখি উৎসাহিত হৈ পৰিছে। | এইবেলি আকৌ ‘মা দুৰ্গা'ই বিশেষ সফলতা লাভ কৰি গৈ বিশেষ উৎসাহিত | হৈ পৰা যেন লাগিছে। ওখ গছত বতাহ প্ৰথমেই লগাৰ দৰে পাঠক পাঠিকাৰো দৃষ্টি নিশ্চিতভাবে পৰিব লেখক অৱদানৰ ওপৰত। প্ৰতিখন গ্ৰন্থতেই সোণগুটি প্ৰকাশ পোৱাৰ লগতে মা দুৰ্গাতো আধ্যাত্মিক ভাৱত বা বলিছে। এই বা চিৰ নহয়, চিৰ গতিৰ ধাৰা লৈ ৰূপান্তৰিত হৈ পৰিছে। হালৈ এগৰাকী ওজা দলৰ শিল্পী ডাইনাপালী। খুহুতীয়া কথাকে ধৰি বিভিন্ন ৰসৰ মাজেদি আনক হহুৱাই কন্দুৱাই ভাল পোৱা এগৰাকী | বহুমুখী শিল্পী বুলি কলেও ভুল নহ’ব। ওজাপালিৰ জৰিয়তে মা মনসা দেৱীৰ পদতে আৱদ্ধ নাথাকি এইবাৰ লেখনিৰ মাজেৰে মহামায়া দুৰ্গাৰ ওচৰ চাপিছে। মহামায়া ‘মা দুৰ্গা’খনো ৰসগ্ৰাহী হৈছে বুলি ক’ব পাৰি। মা দুৰ্গাৰ মাজেৰে ধৰ্মীয় দৃষ্টিৰ ছাঁ পেলাইছে। দুৰ্গাৰ মাহাত্ম্য প্ৰকাশ কৰাত | সফলতা লাভ কৰিব পাৰিছে। অতি কম দিনৰ ভিতৰতে কেবাখনো গ্ৰন্থ | প্ৰকাশ কৰিও সমাদৰ লাভ কৰিছে বুলিও ক’ব লাগিব। মা দুৰ্গাও সমাদৰৰেই ফচল। শ্ৰীযাদৱ সেন ডেকা সাহিত্যিক পেঞ্চনাৰ তথা উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম বেলশৰ (নলবাৰী) ২৫-০৮-২০১৮ ইং