পৃষ্ঠা:মালিতা.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

পাতনি।


 প্ৰকৃতিৰ লীলাভুমি আমালোকৰ আসাম জননী অসংখ্য ঐতিহাসিক উপাদনেৰ পৰিপূৰ্ণ। তাৰে এটি সামান্য ঐতিহাসিক ঘটনাৰ ছাঁয়া লৈ, এই ক্ষুদ্ৰ উপন্যাস খনি লিখা হল। বৰ্ত্তমান যুগৰ অসমীয়া ভাষাত এয়েই প্ৰথম উপন্যাস নহ’লেও, লিখোঁতাৰ কিন্তু উপন্যাস লিখা ইয়াকে প্ৰথম বুলিব লাগে। কোনো কাম কৰিবলৈ গলে, প্ৰথম অবস্থাতে অনেক বিঘিনি। আমাৰো এই প্ৰথম উপন্যাসত যে অনেক খুঁত আছে, সেইটো আৰু পাঠক পাঠিকাসকলক বিশেষকৈ কোৱাৰ আবশ্যক নকৰে।

 নিজৰ অৱসৰ নোহোৱাত, আমাৰ পৰম সুহৃদ, যোৰহাট বাৰৰ উকিল, অনৰেৰি মেজিষ্ট্ৰেট শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা ডাঙ্গৰীয়াই অনেক ‘পৰিশ্ৰম স্বীকাৰ কৰি মাজে মাজে পুথি খনিৰ আৰ্হি কাকত চাই দিছে, সেই বুলি, তেখেতৰ