পৃষ্ঠা:মালিকা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)


তোমাৰ ৰুপটি
লুকাবা ত্বৰিতে,
  নিদিবা হৃদয় খুলি।
তুমি হ’বা এটি
সৰু বালি-মাহী
  বঙ্গত মলঙ্গা ঠোঁট,
মোৰ চোতালত
দেও দি, দেও দি
  খুটিবা ধানৰ গোট;
মই হ′ই এটি
আজলী ছোৱালী
  সোনৰ সজাটি লই,
অতি হাবিলাষে
মাতিম তোমাক
  কাবউ-কোকালি ক′ই
মোৰ ই আবেগ
নেওচিবা তুমি,
  নেচাপিবা কাষলই,