পৃষ্ঠা:মালিকা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১১)

বনৰ চৰাই,
প্ৰকৃতি মানৱে
  পাতিছে প্ৰেমৰ হাট,
কিন্তু ইকি হায়,
কিয় দেখো আজি
  বিষাদৰ ছায়াঁ তাত?
সুখৰ মেলাত
কিহৰ বিষাদ? --
  অতি অসহনি লাগে,
মোক হঁহা দেখি
তুমি নেহাঁহিলে
মোৰ হিয়াখনি ভাগে
  মোৰ যে মুখত
আনন্দৰ ৰেখা,
  তোমাৰ বিষাদ কিয়?
মোৰ আনন্দত
কিয় নিৰানন্দ,
  দুইৰো একেহে জীৱ।