পৃষ্ঠা:মালিকা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)

ঢল পুৱাতেই
পুহ সমীৰণে
    তাল’ই আহ্বান কৰে,
বিহুৰ কটকী
কুলি কেতেকীয়ে
   মিলন-গীতিকা ধৰে।
নীলিমাৰ আজি
নতুন কাচোন,
   নতুন জীৱন দান,
মেঘৰ মাজত
চমকি চমকি
   নাচিছে কবিৰ প্ৰাণ।
সুৰুযৰ আজি
কণক কিৰণ
   ৰূপত ৰহণ চৰা,
দুখৰ ওৰণী
দুটাই কৰিছে
    হাঁহি-মুখী বসুন্ধৰ