পৃষ্ঠা:মালিকা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

আজি,--
 নতুন বছৰ
 ন ক’ই আহিলে,
   ন ক’ই ব’হাগী-বিয়া,
 ন ক’ই ধৰণী
 আজি কাচি পাৰি
   পিন্ধে সাজ বিনন্দীয়া।
 কুলিৰ মাতত
 নতুন ৰহন,
   ফুলত নতুন মউ,
 মৰত মাজত
 উথলিছে আজি
   নতুন ভাবৰ ঢউ
 মৰতে ঘঁহিছে
 স্বৰগ জেউতি,
   স্বৰগ-মৰত নাই,
 বহাগীৰ বিয়া
 তাৰ উৰুলীয়ে
   দিগন্ত কঁপাই যায় ।