পৃষ্ঠা:মালিকা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

কোনো উপায়েৰে
আনি কুমৰক
  কৰাম তোমাক দেখা।
খেলিম ইদৰে
জীৱন ধেমালি
  বুলি পাঙ্গিছিলোঁ মনে,
কিন্তু হায়, মােৰ
এই বাসনাৰ
  দীপিতি নুমালে কোনে ?
প্ৰাণৰ লগৰী
ই ধেমালি এৰি
  ললে শ্মশানৰ ধূলি,
পৰাণ হঠাতে
চমকি উঠিল,
  ইনো কি ধেমালি, বুলি।

-

⸻:*: ⸻