সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফ ফ ফ হ 00 00 মহৰী গৰীপে তৰোঁ। হজুৰৰ ওপৰতে আশা কৰি তাক ঘৰৰ পৰা মতাই আনিছোঁ। এতিয়া তাক সুমুৱাই ল'ব নোৱাৰিলে ঘৰত মুখ দেখুৱাবলৈকে লাজ লাগিব। ল'ৰাটো হজুৰ! বৰ চিধা। মুখৰ মাতেই T নাই। হজুৰে তাক যিহকে কয়, তাকে শুনিব। মই বেছ জানো, হজুৰে ল'ৰাটো দেখিলেই মৰম কৰিব। হেইটো কিমান ডাঙৰ আছে? অ’, কাম কৰিব পৰা হৈছে। একলেখীয়া সিদিনা পলাই যোৱা দুষ্টৰ সমনীয়া হ'ব। বাৰু টুমি তাক আনিব ফাৰে। হজুৰ! এতিয়া তাক দৰ্মহা দিব নেলাগে। মাহে ৭/৮টকামান খোৰাকী দিলেই হ'ব। কাম-কাজ ভালকৈ শিকি ল'লে, তেতিয়া যি ভাল দেখে তাকে দিব। ঘৰৰ কথা মইনো কি ক’ম? হজুৰে দেখোন সকলো কথা জানেই বাৰু, টুমি এতিয়া যাব ফাৰে। (ফক্স গুচি গ'ল (মনে মনে) মোৰ প্ৰভুৰ বন ঐ! যিহকে খাটিছিলোঁ সেয়ে হ'ল। এনেই চকুগজা, তাতে আকৌ আমোলাৰ ল'ৰা। ৰংপুৰত তাৰ গোটেইখন মিতিৰে-কুটুমে ভৰি আছে। সি কোনোমতে চাহাবৰ পেটত সোমাই ল'ব পৰা হ'লে, আমাক লাৱে লাৱে পানী : খুৱালেহেঁতেন। হওঁতে, হলিৰ আগত টিঘিল-ঘিলোৱা কম কথা নহয়! ইংৰাজীকেটা নেজানিলেও মোৰ জোৰ ধৰোঁতা নাই। টান পালে সাউৎকৰে ভৰিত ধৰোঁ, আকৌ চল পালে খপ্‌কৰে মূৰত উঠোঁ। নিচিনা ৰান্ধনী উচটাই জোল খোৱা মানুহনো কোন আছে? মই- “ডোমৰ লগত মাৰোঁ চিতল, মৰিয়াৰ লগত খুন্দো পিতল।” O O O ৪১