সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা ভে মা ভা মা 5 F 5 ভা মা ভা 00 মহৰী দ্বিতীয় দৰ্শন মাকৰী মেমৰ ঘৰ (মাকৰী মেম আৰু ভেকোলা হেৰ’, এইটো! তোৰ দেখোন কাপোৰ-কানিমসা তেনেই আপচু। বগা চুৰিয়া এসনো পিন্ধি আহিবলৈ নোৱাৰিলি? তই ইয়াত থকাত মই আকৌ ঘৰৰ পৰাহে লৈ আহিব লাগে? বোপাইৰ মুগাৰ চুৰিয়াসন গুণাইছিলোঁ, সি আকৌ ক'লে বোলে যা, বায়েৰৰ একোৰে কম নাই। তহঁতিক দিওঁমানে পেটকে নভৰে। মই জাত-কুল মাৰি যি পাই- পইচা এটি পাওঁ, তহঁতি তাকো গুণাই গুণাই লৈ যাৱ। এতিয়ান ঘৰৰপৰা আহিছ; ভাল চাই চুৰিয়া এডোসৰো পিন্ধি আহিব নোৱাৰিলি, গোটেইটো জধলাকে আহিছ। এইদৰে মই তোক চাহাবৰ গুৰিলৈ কেনেকৈ নিওঁ বাৰু? (ওলাই) মেমচাহেব! কি কৰিছা? (বিচূৰ্তি হৈ) আপুনিনো ক'ৰ পৰা আহিছা? মই চিনিবকে পৰা নাই। মই ৰংপুৰৰ পৰা আহিছোঁ। ইয়াত আহি শুনিলোঁ, তোমাৰো ঘৰ বোলে আমাৰ ৰংপুৰতে; সেইগুণে মাত লগাবলৈ বুলি আহিছিলোঁ। ভাল কৰিলা বোপা! কথাতে কয়— “গাঁৱৰ নে মাৱৰ”। আপুনিও আমাৰ বাগিচাতে কাম কৰিছা নেকি? হয়, কালি চাহাবেৰে দেখা-শুনা কৰিলোঁ। তেওঁ সম্প্ৰতি চাহ-ঘৰতে কাম শিকিবলৈ দিছে, ময়ো সঁচাই-মিছাই অহা-যোৱা কৰিছোঁ জানিবা। (মুঢ়াটো আগবঢ়াই দি) বোপা! ইয়াতে বহাঁ। মা ভা (বহি) তেওঁনো কোন মা ভা (ভাবিৰ ফালে চাই) ক'ত? (ভেকোলালৈ আঙুলিয়াই) সেই তেওঁ? ৩১