পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৩। শুনা সভাসদ যত বুজিয়ো কথাৰ তত্ত্ব
 সাধু সঙ্গে কৰিয়োক ৰতি।
যত মন কৰা বৃথা মহন্তৰ মুখে কথা
 শুনি কৰা কৃষ্ণত ভকতি॥

... ... ... ...


কৃষ্ণত দিয়োক চিত্ত  মৰণ-সম্বল বিত্ত
 হৰিনাম একে গলে বান্ধা।
মিছা ইটো লট্‌পট্‌ ভাগিবেক ভৰা হাট
 নিবে কালে ক্ষণেকে সংহৰি।
সন্তৰ সঙ্গতি লৈয়া কৃষ্ণ-পৰায়ণ হুয়া
 নিৰন্তৰে বোলা হৰি হৰি॥

(নিমি নৱসিদ্ধ, ১৭২-১৭৩)

১৪। সাধু সঙ্গ লৈয়া যিটো কৰয় ভকতি।
 মাধৱৰ অনুগ্ৰহ হোৱে তাক প্ৰতি॥
 জ্ঞান বিৰকতি আসি উপজয় তাৰ।
 মায়াময় সংসাৰৰ সুখে হোৱে পাৰ॥

(ৰত্নাকৰ, ১০৩৭)

১৪। যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে।
 স্ত্ৰী শূদ্ৰ অস্ত্যজাতি অধম চাণ্ডালে॥
 ইসৱতো অধিক অনেক পাপমতি।
 ভকতৰ সঙ্গত পাইলেক মোৰ গতি॥

(কৃষ্ণৰ উক্তি; একাদশ, ১৭৮)