পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। কিনো ভাগ্য কিনো ভাগ্য  ব্ৰজৰ প্ৰজাৰ ইটো
 আচৰিলে কি পুণ্য বিচিত্ৰ।
 তুমি ব্ৰহ্ম সনাতন  পূৰ্ণ পৰমানন্দ
 ভৈলা আসি যাৰ মহামিত্ৰ॥

(দশম, ৪৯৭)

৩। আইলা সখিসব যেৱে মোক আৰাধিত।
 শুনা তাৰো কথা যেন শাস্ত্ৰৰ বিহিত॥
 আন চিন্তা এৰিয়া মনত মোক ধৰে।
 সততে মহস্তে মোৰ গুণ নাম স্মৰে॥
 বিদুৰতে থাকি কৰে শ্ৰৱণ কীৰ্ত্তন।
 বাঢ়ে মোত ভকতি নিৰ্ম্মল হোৱে মন॥

(দশম, ১৩৪৬, গোপীসবৰ প্ৰতি)

৪। কৃষ্ণত হন্তে মহামান পায়া।
 বুলিলা গৰ্বে সৰ্ব্ব গোপজায়া॥
 আমাৰ সম সুভাগিনী নাই।
 ভৈলন্ত অধীন যাদৱ ৰাই॥

(কীৰ্ত্তন, ৮৪৭)

৫। নুহিকা যশোদা  নন্দন গোবিন্দ
 নিশ্চয় বুলিলো বাক।
 তুমি সমস্তৰে  বুদ্ধি সাক্ষী সখি
 প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক॥

(কীৰ্ত্তন, ৮৯৪, গোপীৰ উক্তি)