পৃষ্ঠা:ময়না.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ময়না


 “প্ৰভাক কেনে কৰি নো লগ পাব পাৰি এইটোকে ভাবি আছোঁ। ভাগ্যক্ৰমে প্ৰভাহঁতৰ লগত শ্ৰীহট্টত থকা এটা চাকৰক ওলাই আহা দেখিলোঁ। সেয়ে মোৰ এই বুঢ়া। তাৰ সহায়তে প্ৰভাক অকলে লগ পালোঁ; ঘৰত খুৰাক নাছিল, আন বাধা দিওঁতা নহল।

 প্ৰভা ক্ষীণ হৈ গৈছে, মলিন, পিন্ধনতো মল-পৰা শাৰী এখন মাত্ৰ, গাত একো অলঙ্কাৰ নাই। মোক দেখি তাই হুক হুক কৰি কান্দিবলৈ ধৰিলে। মই চমুকৈ কলোঁ, “মই সকলো কথা জানিছোঁ, মই এতিয়া ডাক্তাৰ, বিনয় সকলো কৈছে। সময় নাই। তুমি ইয়াত থাকা নিৰাপদ নহয়। যদি মোক বিশ্বাস কৰা, পৰহি সন্ধ্যা ৭ বজাত ৰাস্তালৈ ওলাবা, তোমাক লৈ যাম।”

 “জাৰি-জোকাৰি কিনি-বিকি প্ৰায় এক হেজাৰ টকা হাতত হল। গধূলি বিশেষ ৰূপে এখন মটৰগাড়ী ভাৰা কৰি লৈ চাৰ্কুলাৰ ষ্টীটৰ সেই ঠাই পাইছোঁ। দেখিলোঁ এখন আলোৱানেৰে গা-মূৰ ঢাকি মানুহ এজন আহিছে। বুজিলোঁ এয়ে প্ৰভা। খুব বেগাই গাড়ী হাৱৰা ষ্টেচন পালে; পাঞ্জাৱ মেল যাবলৈ সাজু হৈছে, চাৰ্কুলাৰ ষ্ট্ৰীটৰ পৰা আধা ঘণ্টাৰ ভিতৰতে আমি পাঞ্জাব-মেইলত হুপ হুপ দুপ দুপ কৰি কলিকতা পাছত এৰি বেগাই লৰ দিলোঁ।

 “কোনো ডাঙৰ ঠাইলৈ নগলোঁ; টকা কম, দূৰলৈকে নগই নাইনিতে নামিলো; সুবিধা —ইফালে ঠায়ো সৰু, সিফালে এলাহাবাদৰো নিচেই ওচৰ।

 “তেতিয়াহে বুজিলোঁ, অৰ্থৰ কাৰণে মানুহ কি পিশাচ হব পাৰে। প্ৰভাৰ অন্তঃসত্ত্বা অৱস্থা। খুৰাকে বিনয়কে বিহ খুৱাই নেৰিলেহেঁতেন, অন্ততঃ প্ৰসৱৰ সময়ত প্ৰভাৰো সেয়ে গতি হলহেঁতেন বুলি ভাই আৰু বুঢ়াই আশঙ্কা কৰিছিল। প্ৰভা যে এই দৰে আহিব পাৰিলে, বুঢ়া লগত থাকত!

 “প্ৰভা বিধৱা হৈছিল; তাই বামুণৰ বিধৱাৰ সকলো নিয়ম পালি থাকিল; মই বিষম সমস্যাত পৰিলোঁ। পিছে গোসাঁয়ে নিজেই সেই লেঠা ভাঙি দিলে।

 “নাইনিত থাকা এমাহ হওঁ-নহওঁতেই প্ৰভাৰ প্ৰসৱ হল। মই ডাক্তাৰ; একো ভয় বা আশঙ্কাৰ কাৰণ নেদেখিলো। কিন্তু সদ্যজাত শিশুটিৰ তোঁহা কান্দন শুনি সূতিকা ঘৰক গৈ দেখোঁ, তাৰ মাক, মাক হব পাওঁ-নাপাওঁতেই তাইৰ এই চুটি জীৱনৰ নতুন প্ৰাণত পোৱা অত্যধিক শোক দুখ তাপ এৰি সকলো সুখ দুখৰ অতীত অজ্ঞাত লোকলৈ গতি কৰিলে!

 “মই প্ৰথমতে বৰ বিপাঙত পৰিলোঁ। ধাই এজনী ৰাখিলোঁ। পাছত ভাবিলোঁ, ভালেই হল, এতিয়৷ প্ৰভাক লৈ একো গোলমাল হোৱাৰ আশঙ্কা নাই, একো দায়-জগৰো নাই বা সামাজিক লাজ-গ্লানিও নাই।

 “ঘৰলৈ চিঠি লিখিলোঁ, মই দেশ ফুৰিবলৈ আহি এলাহাবাদৰ ৰেলৰ ষ্টেচনত এই ছোৱালীটি পাইছোঁ; এই অনাথ অজ্ঞান শিশুটিলৈ মোৰ বৰ মৰম জন্মিছে; তাইক লই ঘৰলৈ যাব লাগিছোঁ।

 “ঘৰ পালত, বাবাৰ খং; মুঠতে তেওঁ মোৰ উদ্ভাৱন কৰা গল্প বিশ্বাস কৰ৷ নাই, ভাবিছে মোৰেই কোনো কু-কীৰ্তিৰ ফল। তথাপিতো বৰ পুতেকক ঘৰ সোমাব নিদিয়ে কেনেকৈ।