পৃষ্ঠা:ময়না.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ময়না


 মই প্ৰথমতে ভাবিলোঁ, ডাক্তাৰে ভুল বকিছে, বসন্ত আকৌ আহিব কিয়, দুয়োৰো নো কি সম্বন্ধ! মই বিশ্বাস নকৰা অনুমান কৰি ডাক্তাৰে আকৌ কলে, “তুমি নুবুজা; সিয়েই মোৰ নিতান্ত আত্মীয়, ধৰা জোৱাঁই। তোমাক সকলো কথা কম এতিয়া; আগাৰি টেলিগ্ৰাম খান দিয়া।”

 মই আচৰিত মানিলোঁ, জোৱাঁই, কতা ডাক্তাৰে ইমান দিন কোৱা নাই! টেলিগ্ৰাম লিখি নিজে গৈ ডাক ঘৰত দি আহিলোঁ।

( ৬ )

 ভাঠিবেলা কি জানি পাঁচ বাজিল; জেঠমহীয়া দিন কিন্তু বৰষুণ হৈ থকাত তিমান গৰম নাই। ডাক্তাৰে কলে, “বুজিছা, মই আৰু এইবাৰ নাবাচোঁ। মোৰ apoplexyৰ দৰে হৈছে; যদি এনে ফিট আৰু দুটা বা তিনিটা হয়, তেনেহলেই শেষ! তোমাক সৰুৰেপৰা পাইছোঁ। তোমাৰ আগত মোৰ জীৱনৰ কাহিনীটে৷ কম, কবৰ মন গৈছে।” মই নামাতি থাকিলোঁ। তেওঁৰ বিছনাৰ ওচৰতে বহি তেওঁৰ হাত পিহি দিব ধৰিলোঁ।

( ৭ )

 ডাক্তাৰে কলে, “মোৰ বাবা বেছ আঢ্যৱন্ত লোক আছিল; ময়েই বৰ পুত্ৰ। এফ-এ ফেল কৰাত তেওঁ মোক পঢ়া এৰুৱাই আনি ঘৰতে ৰাখিলে। তেতিয়া শ্ৰীহট্টৰ অনেক লোকে চাহৰ বাগিচা কৰিছে, তেৱোঁ মোক চাহ খেতি কৰিবলৈ লগাই দিলে।

 “আমাৰ ঘৰৰ ওচৰতে আমাৰেই ভাৰা ঘৰত যি ঘৰ মানুহ আছিল তেৱোঁ বামুণ, পশ্চিম বঙ্গৰ, বিশিষ্ট চাকৰি কৰে; টকাকড়ি অনেক। তেওঁৰ ঘৰত তেওঁৰ স্ত্ৰী, এজনী ছোৱালী, নাম প্ৰভা আৰু এজন তোলনীয়া লৰা, তাৰ নাম বিনয়।

 “বিনয় শিক্ষিত মাৰ্জিত ডেকা, বি-এ পাছ কৰি চাকৰিৰ উমেদাৰি কৰে। আমি দুটাৰ ভিতৰত ঢেৰ কথাবাৰ্তা হয়; যৌৱনৰ তেজৰ মহিমাত একোদিন স্বৰ্গ-মৰ্ত-পাতাল তেত্ৰিশ কোটি দেৱতাৰে সৈতে উৰুৱাই দিওঁ আৰু একোদিন তেত্ৰিশৰ ঠাইত ছয়-ষষ্টি কোটি দেৱতাৰ সৃষ্টি কৰোঁ।

 “প্ৰভাও কিছু শিক্ষিতা আছিল; বয়সো হৈছিল প্ৰায় ১৪।১৫; তাইও কেতিয়াবা কোনো কোনো কথাত যোগ দিয়ে।

 “কথাই বাৰ্তাই ঠিক হল, প্ৰভাৰ মাক-বাপেকে প্ৰভাক মোতেই বিয়া দিব খোজে। মোৰ বাব৷ আৰু মাও এই কথাত মান্তি হল। প্ৰভা সুন্দৰী ছোৱালী। মোৰ মনত লাগে, মাই এই কথা জানে; বাবাই দেখিলে এই সুযোগত প্ৰভাৰ বাপেকৰ সম্পত্তিটো প্ৰায় আমাৰেই হব। বিশেষ বাগিচা খোলাত অনেক টকাৰ আৱশ্যক; প্ৰভাৰ বাপেকৰো এটা অংশ আমাৰ বাগিচাত আছে। সকলো ফালে বৰ সুবিধা। গতিকে বিয়াৰ কথাবাৰ্তা ঠিক হল, মোৰ মনত বৰ ভাল পালোঁ। কাৰণ সেই বয়সত প্ৰণয়ৰ মহত্ত্ব আৰু সৌন্দৰ্য্যহে মনত খেলায়; সেই মানত আচলকৈ মই প্ৰভাক খুব ভাল পাইছিলোঁ।

 “মানুহে গঢ়ে, বিধাতাই ভাঙে।” এইবোৰ কথাবাৰ্ত৷ চলি থাকোঁতে—মনত আছে নে তোমালোকৰ গাৱঁৰ জহনীৰ কথা—শ্ৰীহট্টতো জহনী লাগিল; যদিও তাৰ প্ৰকোপ তিমান বেছি নহল, প্ৰভাৰ মাকবাপেক দুয়ো এদিন আগাপিছাকৈ সেই বেমাৰতে মৰিল।

 “দেশৰপৰা প্ৰভাৰ খুৰাক আহিল; টকাকড়ি সম্পত্তিৰ হিচাপ কৰিলে; বাবাৰ লগত পৰামৰ্শ কৰি শ্ৰাদ্ধাদিও তাতেই কৰিলে। কিন্তু আচল কথাত লাগিল কেৰোণ! খুৰাকে প্ৰভাক মোৰ লগত বিয়া দিবলৈ ৰাজি, কিন্তু মই লেখি দিব লাগে যে মই বা মোৰ ভবিষ্যতৰ লৰা ছোৱালীএ প্ৰভাৰ বাপেকৰ কোনো সম্পত্তিতে দাৱি-দাওয়া নকৰোঁ বা নকৰে। মোৰ

কোনো আপত্তি নাছিল; কিন্তু আপত্তি হল বাবাৰ।