পৃষ্ঠা:ময়না.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰক্তবীজ

( ১ )

 এখন গাৱঁত দুজন খেতিয়ক আছিল; দুয়োৰো ওচৰা ওচৰি ঘৰ; দুয়ো সঙ্গতিপন্ন চহকী। দুয়ো বুঢ়াৰ বৰ মিল। দুয়ো ঘৰৰ চাকৰ-নাকৰ বন্ধা-ভতুৱা তিৰী-ছলি সকলোৱে এই মিল বৰ্তিছিল।


( ২ )

 দুই বুঢ়াৰ দুই বৰ পুতেক, মণি আৰু যদু। ইহঁতে বিয়াবাৰু কৰালত, দুয়ো বুঢ়াই ধৰ্মচৰ্চাত মন দিলে। বাটৰ মূৰৰ বকুলৰ তলত বহি হয়ে। কীৰ্তন-দশম পঢ়ে, গধূলি নামঘৰত গৈ নাম গায় আৰু মাঘ আৰু বহাগ মাহা গুৰু ঘৰত আঠ দহ দিন থাকি আহেগৈ।


( ৩ )

 কাতি মাহা ধান পকিব আৰম্ভ হৈছে; আকাশ ফৰকাল নীল বৰণীয়া, দুপৰীয়াৰ ৰোদ চোকা আৰু পৰিষ্কাৰ, বাট্‌ পথ চাফ-চিকণ; চাৰিওফালে উজ্জ্বল তৃপ্তিৰ জেউতি বিয়াপি পৰিছে। ওচৰৰ গাৱঁৰ ৩০।৪০ জন মানুহ—মতা মাইকী—লগত লৈ জগন্নাথৰ পাণ্ডা আহিল, দুই বুঢ়াক শ্ৰীক্ষেত্ৰলৈ নিবলৈ।

 গধূলি দুই-বুঢ়াই একোখন ধচা, দুখনকৈ কাপোৰ, একোটা ঘটী আৰু বাটি, আৰু চাউল পিঠাগুৰি লৈ যাত্ৰীৰ লগত ঘৰৰ পৰা ওলাই আহি নামঘৰত ৰাতি খপিলে। গাৱঁৰ মানুহে সকলো যাত্ৰীকে সিধা দিলে। সাজতে মতা মানুহে আৰু অলপ ৰাতি হলত তিৰোতাবিলাকে নাম ঘৰত নাম-কীৰ্তন কৰিলে। মহাপ্ৰভু দৰ্শনৰ সম্ভাৱনাত যাত্ৰী সকলৰ আনন্দৰ বাৰ্তাই গোটাই গাওঁখনৰ ওপৰেদি পবিত্ৰ আনন্দৰ ঢৌ এটা বাগৰাই দিলে।


( ৪ )

 ইফালে কি কাণ্ড হল! এদিন মণিহঁতৰ গৰু এটাই যদুহঁতৰ খেতিত সোমাই কেইডালমান ধান খালে। তাতে দুই গোৰখীয়াৰ কাজিয়া লাগিল। মণি গোৰখীয়াৰ মাক আছিল এনে এজনী তিৰোতা, দন্দৰ সময়ত যাৰ জিভাৰ আগত সৰস্বতীৰ অধিষ্ঠান হৈছিল। তাই ওচৰত আছিল। তাইৰ গালিত পথাৰ খানতে তোলপাৰ লাগি পৰিল। যদু গোৰখীয়াৰ মাকো ওলাই আহিল। দুই মাকৰ গালাগালি হুৰাহুৰি চুলিয়া-চুলিত মানুহ ভৰি পৰিল।

 ইয়াতে শেষ হলে তো কথাই নাছিল। এনেতে সেই বাটেদি যদুৰ পুতেক – ১২।১৪ বছৰীয়া লৰা মুঠে—কৰবালৈ যাওক। সি কাজিয়াৰ মাজত গৈ কিবা কওঁতে, মণিৰ গোৰখীয়াৰ মাকে, “মোৰ বাছাক খালে ঐ, খালে ঐ” কৰি চিঞৰ ধৰিলে। কোনোবা ফালৰ পৰা মণিৰ পুতেকো—সিও একে বয়সৰ লৰাই—লৰি আহি কাজিয়াৰ মাজত সোমাল। দুই গৃহস্থৰ দুই লৰাৰ মাজত লাগিল কাজিয়া, তাতে যদুৰ পুতেকৰ কৰবাত তেজ ওলাল।

 যি মানুহ জমা হৈছিল, তেওঁলোকে কাজিয়া ভাঙি দিলে। বৰ গৰ্জনি মাৰি বতাহ বৰষুণ হলে যেনেকৈ পাছলৈ গৰ্জনিবোৰ সৰু হৈ হৈ নাইকিয়া হয়, এই দন্দৰো গালি সেই দৰে ক্ৰমাৎ নিজম হল।