পৃষ্ঠা:ময়না.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
ময়না


 যি হক কেশৱে সেই ঘৰ এৰাই এৰিলেই। পোনতে দুই তিন বছৰ প্ৰেমৰ কাৰণে এনে অসাধাৰণ ত্যাগ কৰা বুলিয়েই তেওঁৰ দিন ভাৱৰ উন্মাদনাত গল। পাছলৈ ভাবৰ প্ৰাখৰ্য্য কমিল যদিও গাম্ভীৰ্য্য বাঢ়িল। ইফালে দেশ বিদেশে এনে মুকলি মূৰীয়া জীৱনো এটা উপভোগৰ বস্তু! সাতে সত্তৰে লগ লাগি তেওঁ কুৰি বছৰ কাল বিদেশত কটাই, শেষত মোৰ লগ লাগিল হি।

( ৭ )

 কেশৱ মানুহ জনৰ বেপাৰত বেছ অভিজ্ঞতা আছিল। আৰু আমাৰ দোকানবোৰত যিবোৰ বস্তু বেছি দামত বিক্ৰী হয়, সেইবোৰ কোন ঠাইত সস্তাত পোৱা যায় বেছকৈ জানিছিল। তেওঁক লগ পাই পাঁচ ছয় বছৰ মানৰ ভিতৰতে মোৰ দোকানৰ বিশেষ উন্নতি হল। অলপ টকাকড়ি জমা হলত কেশৱৰ দিহাতে নগৰতে মাটিবাৰী লৈ এখন ঘৰ কৰিলোঁ। টকা হল বুলি,কেৱল টকাৰ পাছতেই লাগি লৰা-তিৰোতাক এৰি চিৰ দিন থাকিব পাৰি জানে৷! এইবাৰ ঠিক কৰিলোঁ, নগৰত সপৰিবাৰে থাকিবলৈ লওঁ।

( ৮ )

 কেশৱ মোৰ লগত প্ৰায় দহ বছৰ থাকিল; ইমান দিন একেলগেই আছিলোঁ। মোৰ পৰিবাৰ আহাৰ ঠিক হলত তেওঁক সুধিলো, তেওঁৰ বেলেগে থাকিবৰ মন নে মোৰ লগতেই। তেওঁ মোৰ লগতে থাকিবলৈ মান্তি হল। কেশৱক এতিয়া কোনো দৰমহা নিদিছিলোঁ, কাৰবাৰৰ এক তৃতীয়াংশ তেওঁক লিখা পঢ়া কৰি দিছিলোঁ।

 নগৰত আহি এইদৰে ঘৰ পাতি আছোঁ; কেশৱৰো বাহিৰ ভিতৰ একো বাধা নাই; তথাপিতো স্বভাৱতে তেওঁ ভিতৰলৈ ভাত পানী খোৱাৰ আৱশ্যকত বাজে এনে নাযায়। বেছি সময় ভাতো খায় বাহিৰৰ ঘৰতে। কিন্তু মোৰ লৰা-ছোৱালী কেইটিক হলে বৰ মৰম কৰে। এনেকৈ যিহক বুলিৱ পাৰি সুখ তেনে অৱস্থাত দিন যাবলৈ ধৰিলে।

 মোৰ বৰ ছোৱালী দুজনী বিয়া দিছিলোঁ; এতিয়া তৃতীয় জনীৰ বিয়াৰ দিহা লগালোঁ,তাইৰ বয়স প্ৰায় পোন্ধৰ বছৰ। দৰা কেশৱহঁতৰ গাৱঁৰে লৰা; বি-এ পাছ কৰি গুৱাহাটীৰ কলেজত ল’ পঢ়ে। নগৰত ধনী বুলি খ্যাতি হৈছিল; গতিকে মোৰ মানো বাঢ়িছিল। বিয়াটো অৱশ্য মোৰ এই নতুন ধন আৰু মানৰ জোখাই পাতিবলগীয়৷ হৈছিল। কেশৱেও বিয়াৰ যোগাৰত বৰকৈ খাটি ফুৰিছিল।

( ৯ )

 বিয়ালৈ দুদিন নে তিনদিন আছে; বেলা দহ এঘাৰমান বজালৈ কেশৱ নাই। প্ৰথমতে ভাবিলোঁ কিবা কাৰবাৰত ফুৰিছে। সেইদিনা দৰা-ঘৰ অহাৰ কথা। কিন্তু বেলা ভাঠি দিলে,পাঁচ বাজাৰ গাড়ীত বৰ-ঘৰীয়া আহি পৰে লাগে, কেশৱটো নো কত লুকাল, ইমান দিন থাকি বুঢ়া হৈ বুধি হত হল ইয়াৰ। মনত বিৰক্তি লৈ কেশৱক বিচাৰিলোঁ, নাই চাঁত কৰি মনত সন্দেহ হল জানোচা টকা-কৰি লুটি লৈ তেনেই মোক সৰ্বনাশ কৰিলে। হিতোপদেশৰ “অজ্ঞাত