পৃষ্ঠা:ময়না.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনৰীয়া প্ৰণয়

( ১ )

 কিবা এটা মোকৰ্দমাৰ কমিছন এটাত ধেমাজীৰ ফাললৈ যাবলৈ হৈছিল। নতুন উকীল দেখি হাকিমে মৰম কৰি মোকেই যাবলৈ কলে। তেতিয়া বাৰিষা, সেই দেখি গাড়ীত নগৈ নাৱত গলোঁগৈ।

 মোকৰ্দমাৰ কাম শেষ কৰি ফিৰি আহাৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকতে বেলি মাৰ গল। চাৰিওফালে আথৈ-থৈ ব্ৰহ্মপুত্ৰৰ পানী, কৰো কুলকিনাৰাকে নেদেখি। মাজতে এখন সৰু চাপৰিৰ বগা বালি আৰু দীঘল দীঘল বিৰিণা বনবোৰ ওলাই আছিল; খৰালি হলে ইপাৰেই— বাৰিষা হে সৰু সোঁতা এটাৰে পানী আহাত ই দীয়া হৈ পৰিছে। নাৱৰীয়াহঁতে আনফালে যাবলৈ মন নকৰি ইয়াতেই নাও লগাবলৈ মোত সুধিলে—মোৰ কোনো আপত্তি নাছিল।

( ২ )

 চাপৰিটোত এখন মিৰি–গাওঁ। পানীৰপৰা ৫।৬ নল আঁতৰতে দীঘল দীঘল চাং-ঘৰবোৰ শাৰী পাতি সজা। তলত গাহৰী, কুকুৰা, গৰু, ছাগল, হাঁহ আদি জীৱিত সম্পত্তিবোৰৰ আবাস; আৰু ওপৰত থাকে এইবোৰৰ মালিক, মানুহ। ঘৰৰ ওচৰে ওচৰে একোটা গোবৰ-জাবৰৰ দাম, আৰু জলকীয়া কোমোৰা আদি পাচলিৰ দুই এজোপা গছ।

 কেইবাদিনো খোৱাত সুখ হোৱা নাই। বাৰিষা পানী ইমান বেছি হৈছে যে বাবা ব্ৰহ্মপুত্ৰত মাছৰ সমাগমেই নাই। নিজে গাৱঁলৈ উঠি গৈ হাঁহ, পাৰ বা হাঁহৰ কণী বিচাৰিলোঁ। ওচৰতে কেইজনীমান গাভৰু ছোৱালীএ থিয় দি মোৰ নাৱৰ ফালে চাই আছিল। মোক সিহঁতৰ ফাললৈ যোৱা দেখি, কেইজনীমানে লৰ মাৰিলে, আন কেইজনীমানে ফিচিঙা-ফিচিঙি কৰি মোৰ ফালে চাই থাকিল। হাঁহ-পাৰ বিচাৰিলোঁ; কিন্তু কমিছনৰ উকীলৰ কপাল, নাপালোঁ—সিহঁতৰ হুনু এইদৰে বেচিবলৈ নাই।

 মনটো দমি গল। নিৰাশ মনে আহি দালি আলুৰেই চাউল মুঠি ধৰা যাওক বুলি ৰান্ধনিজনক ৰান্ধিবলৈ যাবলৈ কৈ নাৱৰ ছৈৰ ওপৰত বহি ব্ৰহ্মপুত্ৰৰ এই অপাৰ পানীৰ খেল চাই আছোঁ। দূৰত ৰঙা বেলিএ ব্ৰহ্মপুত্ৰৰ বুকত ডুব মাৰিছে, গোটাই পশ্চিম দিশটো কিবা এটা অফুটা আনন্দত ফুলি উঠিছে। বিপৰীত ফালৰ পৰা শুৱনী গাভৰুৰ বহল কপালৰ সিন্দুৰৰ ফোটৰ দৰে জোনে বাবাৰ বুকৰ পৰা ওলাই আকাশখন শুৱাই ধৰিছে। চাই চাই বৰ ভাল লাগিছিল। চাপৰিৰ সিমূৰৰ পৰা অনেক মতা-মাইকী গাৱঁলৈ ফিৰি আহিছে—সেই বিতোপন উদাৰ সিন্দূৰীয়া সৌন্দৰ্য্যৰ মাজেদি।

 মিৰিৰ এইটো নিয়ম— পুৱাতে খাই-বৈ উঠি পথাৰলৈ যায়; পথাৰত দিনমানটো কাজ কাম কৰি গধূলি ফিৰি আহে। আৰু সাঁজতে খাই বৈ উঠি বুঢ়া-বাঠা লৰা-ছোৱালী শুই থাকে। ডেকা গাভৰুই কি কৰে পাছত দেখা যাব।

 নাৱৰ ছৈৰ ওপৰত বহি আছোঁ। এটা বুঢ়া মিৰি মোৰ নাৱৰ ওচৰলৈ আহিল— তাৰ বৰণ বগা, চুলিও পকিছে; এখন চাফ চুৰিয়া, এটা চোলা পিন্ধিছে। তাৰ পাছতে দুটামান ডেকাই কিবা কিবি বস্তু-বাহানি লৈ আহিছে। এইবাৰ উকীলৰ কপাল ফিৰিল। বুঢ়াই অনেক খাতিৰ কৰি মোক এটা হাঁহ, কেইটামান ডিমা, কেইটামান সৰু মাছ, ভজলুক, কোমোৰা,