পৃষ্ঠা:ময়না.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ময়না

আছে। পুলিচ হলেও এওঁৰ patriotic feelings ( দেশৰ মঙ্গল চিন্তা) আছে বুলি প্ৰসিদ্ধি আছে।)

 দাৰোগা—কোনে পইচা নিদিয়ে হে, ৰাম?

 ৰামকুমাৰ  নকবা ভাই, এই উকীলখনৰ কথা কৈছোঁ।

 দাৰোগা—আও, উকীলবোৰে আৰু পইচা দিয়ে নে! একোজন মস্ত বাক্যবীৰ!মুখত হলে ৰক্ষাই নাই; ইফালে ‘অমৃত বাজাৰ পত্ৰিকা’ এখন লবলৈকো ভয়। দোষ আমাৰ পুলিচৰ হে! হুঃ!

 দোকানী— (অলপ হাঁহি) তেওঁ বুজিছা, নৰেশ্বৰ, পুলিচতকৈ ঢেৰ ভাল।

 দাৰোগা—কিহৰ ভাল হে, কিহৰ ভাল? মিছা সাখী শিকোৱাত কাল। এই উকীলখনৰ বাবেই চুৰি-চাপ্ৰাচী ইমান বেছি। কেইজন উকীলৰ কথা জানো। receiver of stolen property (চোৰাই মাল ৰাখে)।

 হৰনাথ—লাহে লাহে, বুজিছা, defamation (মান হানি) হব।

 দাৰোগা—কিহৰ লাহে লাহে হে? যিমান চোৰ বদমাইচ, আটাইকে মিছা সাখী শিকাব, আৰু খালাচ কৰিব। এই উকীলখনৰ বাবেই justice ন্যায় তেনেই miscarriage (অন্যায় হৈছে!

—:০:—


তৃতীয় অঙ্ক

( ১ )

 সেই বছৰ জানুৱাৰী মাহৰপৰা কেইবাখনো হাইস্কুল চৰকাৰী কৰি লোৱাৰ কথা। শিক্ষাবিভাগ অসমীয়া গ্ৰেজুএট বিচাৰি হায়ৰান্। আটাই গ্ৰেজুএটে মুঠ বান্ধাৰ দৰে কৰিছে,আৰম্ভণি দৰমহা ৭৫্ টকা নিদিলে কোনো কামত নোসোমায়। চৰকাৰৰ ঘৰত চাকৰি কৰা আৰু চাকৰি নকৰিও চৰকাৰৰ নিমখ খোৱা লোক সকলে গ্ৰেজুএটবিলাকক ভিন্ ভিন্‌ ৰূপে বুজাইছে, কিয় নো গ্ৰেজুএট সকলে থেহ ধৰি থাকিব নালাগে। কোনোএ কইছে, কিছুদিনৰ পাছত ৫০্ টকীয়া কামো পাবলৈ নাইকিয়া হব; কিছুমানে কইছে, মাষ্টাৰি কাম লোৱা মানে দেশৰ মহৎ হিত চিন্তা কৰা, কাৰণ আমাৰ স্কুলবোৰত অসমীয়া মাষ্টাৰ নাই, এতিয়া নললে বঙালীএ ভৰি পৰিব, তেতিয়া আৰু ত্ৰিশ বছৰলৈ অসমীয়া মানুহ সোমাব কেনেকই;কোনোএ কইছে, আৰম্ভণতে ৫০্ টকা হলেও সোনকালে মাষ্টাৰসকলৰ দৰমহা বেছি হব, কাৰণ বিলাতৰ পাৰ্লিয়ামেণ্টত মণ্টাগু চাহাবে ৪০০্ চাৰিশলৈ মাষ্টাৰৰ দৰমহা হব বুলি কৈছে নহয়। (মণ্টাগু চাহাব তেতিয়া ভাৰতৰ আণ্ডাৰ চেক্ৰেটৰী; লৰ্ড মৰ্লি চেক্ৰেটৰী। )

 যি দৰে কোনো কঠোৰ তপস্বীৰ একাণপতীয়৷ অৰ্চনা অনেক দিনলৈ ইষ্টদেৱতাৰ ওচৰৰ পৰা ফিৰি আহি থাকে, সেইদৰে চৰকাৰী আৰু চৰকাৰে ফেটাই দিয়া লোকসকলৰ সাধ্য-সাধনা গ্ৰেজুএটবিলাকৰ ওচৰত বিফল হল। তেতিয়া বঙালী গ্ৰেজুৱেটে স্থায়ী কামবোৰ ললে আৰু চৰকাৰে অসমীয়া গ্ৰেজুৱেটক অস্থায়ী কামত লোৱাৰ নিয়ম কৰিলে।

 ইমান দিনে অনেকইে ৫০্ টকীয় চাকৰি লবলৈ আন্তৰিক ইচ্ছা আছিল, চকুৰ লাজত হে লব পাৰা নাছিল। এতিয়া এই উৱাদিহ পাই কেইবাজনো অসমীয়া গ্ৰেজুৱেট মাষ্টাৰ হৈ সোমাল। এওঁলোকৰ ভিতৰত সৰ্বেশ্বৰ বৰুৱা বি-এ ডাঙৰীয়াও এজন।