পৃষ্ঠা:মণিকুট.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মণিকুট।


তাহান শৰীৰে জানা ধূলা লাগে যত।
ততেক বৰিষ থাকে ব্ৰহ্মাৰ লোকত॥
শুনিয়োক সৰ্ব্বজন কথা কৰ্ণ ভৰি।
আপুনি কহিলা হৰে গৌৰীক সাদৰি॥৯৯
তন্ত্ৰৰ ৰহস্য কথা অমৃত সমান।
কৰ্ণাঞ্জলি ভৰি মুখে কৰিয়োক পান॥
মোৰ কৃত বুলি এত হেলা পৰিহৰি।
মাধৱৰ কথা জানি শুনিবা সাদৰি॥১০০
প্ৰণামো মাধৱ প্ৰভো! আমি দুখীজন।
তোমাৰ চৰণে মোৰ নিমজোক মন॥
তোমাৰ ভৃত্যৰ সঙ্গ দিয়ো মোৰ স্বামী।
এহি বৰ দিয়া আন নমাগোহোঁ আমি॥১০১
মোৰ কৰ্ম্মফল গুণে যেহি জানি জাবো।
তোমাৰ চৰণ সেৱা যেন তৈতে পাবো॥
মুখে নছাড়োক মোৰ তুৱা গুণ নাম।
বোলা হৰি হৰি আবে ছাড়া আন কাম॥১০২

দৰ্শনখণ্ড সমাপ্ত।