পৃষ্ঠা:মণিকুট.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মণিকুট৷

কহো পূৰ্ব্ব কথা মন দিয়া সৰ্ব্বজনে।
মাধৱৰ থিতি কথা শুনা যেন কৰ্ণে॥
ইহাৰ শ্ৰৱণে মিলে ভকতি মুকুতি।
অন্তকালে পাইবা গৈয়া বৈকুণ্ঠত থিতি॥৪
মোৰ কৃত বুলি যেন পৰিহৰা দোষ।
কৃষ্ণ কথা শুনি হয়ো পৰম সন্তোষ॥
পঙ্ক হন্তে লভে জন্ম পদ্ম পুষ্পচয়।
পঙ্কক নলৱে কিন্তু পুষ্পক পিন্ধয়॥৫
সৰোবৰ হন্তে এই দৃষ্টান্তক পায়।
কৃষ্ণ-কথা পদ্ম সম মই পঙ্ক প্ৰায়॥
এতেকে শুনিয়ো কৃষ্ণ-কথাক আদৰি।
মোৰ বঢ়া-টুটা দোষ সব পৰিহৰি॥৬
শুনা সভাসদ এই গুপ্ত কথা সাৰ।
পাৰ্ব্বতীত কৈলা হৰে কৰিয়া প্ৰচাৰ॥
মাধৱৰ জন্ম কথা পৰম শোভন।
এতেকে শুনিয়ো সবে ৰঙ্গ কৰি মন॥৭
পাৰ্বতী বোলন্ত “নাথ!   দেৱৰো দেৱতা।
কৃপা কৰি ভাঙামোত জগতৰ ধাতা॥
মণিকুট গিৰিবৰে কিবা পুণ্য কৰি।
লভিলেক হয়গ্ৰীৱ ৰূপী দেৱ হৰি॥৮