এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬১ ]
মালতী—যা। এই মোনাৰ ভিতৰতে ধন আছে; বেগাই লৈ যা! ধনদি দেউতাৰক মোকালাই লৈ আহ গৈ। আইটী, চ৷ চোন মই গপতে গেলিলোঁ। মই গপতে সুখ কৰিছিলোঁ, এতিয়া গপতে দুখ কৰিব লগীয়া হল।
[ প্ৰস্থান।
⸻
তৃতীয় দৰ্শন
কামপুৰীয়া নিৰঞ্জনৰ প্ৰবেশ।
কা, নিৰণ—ইয়াত দেখোন মোক দেখি সম্ভাষা নকৰা এনে মানুহ এটা নাই। মই যেন সকলোৰে বহুদিনীয়া চিনাকি বন্ধু হে। সকলোৱেই মাক নাম কাঢ়ি মাতে। কোনোৱে ধনকে যাচেহি। কোনোৱে খাবলৈকে মাতে। কোনোৱে শলাগকে লয়; মই যেন বৰ উপকাৰ হে কৰি থৈছোঁ। কোনোৱে আকৌ লাগতিয়াল বস্তুকে মোৰ ওচৰলৈ লৈ আহে। এতিয়াই জোলা এটাই মোক তাৰ দোকানলৈ মাতি নি পাতৰ কাপোৰৰ আৰ্হি দেখুৱাই মোৰ গাৰ জোখকে ললে। নিশ্চয় এইবিলাক মনৰ হে ভ্ৰম; আৰু ই মায়াৰ দেশ। ভালেতো হে ইয়াৰ মায়াপুৰ নাম।