পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৪ ]
 

 সোণেশ্বৰ— আপুনি অস্বীকাৰ কৰাৰ পৰা মোৰ তাতোকৈ অন্যায় হৈছে। ভাবি চাওক চোন এই দৰে হলে মানুহে মোক কেলেই বিশ্বাস কৰিব।

 অনিৰাম— কোটোৱাল! মোৰ গোচৰ অনুসাৰে এওঁক এতিয়াই ধৰ।

 কোটোৱাল—মহাৰাজৰ দোহাই! মই তোমাক বন্দী কৰিলোঁ॥

 সোণেশ্বৰ—মোৰ ভাল খ্যাতি আহিল!—হয় এতিয়াই মোক টকা দিয়ক, নহয় মই আপোনাক এতিয়াই কোটোৱালৰ হাতত দিম।

 মা, নিৰণ—যি বস্তু মই চকুৰেই দেখা নাই তাক মই দিবলৈ গাতলম? বাৰু, তোৰ সাহ আছে যদি মোক ধৰা চোন চাওঁ।

 সোণেশ্বৰ—কোটোৱাল! মোৰ সলনি এওঁকে ধৰ, মোক এই দৰে লোকৰ আগত অপমান দিলে মোৰ সোদৰ ভাইকো নেৰোঁ।

 কোটোৱাল—মই আপোনাক বন্দী কৰিলোঁ। গোচৰ শুনিছেই।

[ মা, নিৰঞ্জনলৈ চাই।

 মা, নিৰণ— বাৰু, মই জামিন দিব নোৱাৰোঁ মানে বন্দী হলো। কিন্তু, হেৰ চাই-খোচৰা সোণাৰি! সোণ চুৰ কৰি কৰি গোটোৱা তোৰ আটাইখিনি ধন ভাঙ্গিলেও তোৰ গা সৰা টান হব!