পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অঙ্ক।

প্ৰথম দৰ্শন।
ৰাজ আলি।
সোণেশ্বৰ, কোটোৱাল, আৰু অনিৰাম মুদৈৰ প্ৰবেশ।

 অনিৰাম—আপোনাৰ মনত থাকিব পায়, আপুনি মোক এহেজাৰ টকা দিব লাগে। মই সেই টকা আপোনাক কেতিয়াও সধা নাই, আৰু এতিয়াও নেসাধিলোঁ হেতেন কিন্তু খেহ দেশলৈ এতিয়াই যাব লগা হোৱাত বাট-খৰচ লগা হৈছে। সেই নিমিত্তে আপুনি সেই টকা মোক এতিয়াই দিয়ক, নহলে এই কোটোৱালৰ হতুৱাই এতিয়াই আপোনাক ধৰাম।

 সোণেশ্বৰ— আপোনাক দিব লগা টকা মই নিৰঞ্জন ডাঙ্গৰীয়াৰ পৰা পাম। আপুনি অহাৰ অলপ আগেয়ে তেওঁ মোৰ পৰা সোণৰ হাৰ এগছ নিছে। পাঁচ বজাৰ সময়ত তাৰ বেচ মই পাম। বাৰু তেওঁৰ ঘৰলৈ দোখোজ মান বলক চোন, তাতে ধাৰো সুজিম গুণো লম।