[ ১৩ ]
ঘৰলৈ নাযায়—পেটত ভোক নাই। পেটত তোক নাই— এসাজি খাই আহিছে। কিন্তু যি লঘোনে থাকে সিহে বুজে; আমাৰ ফালে আধ্যা, ইপিনে পেটতো লঘোন, আৰু আপোনা দোষৰ বাবে পিঠিটো ঔ কিল।
কা, নিৰণ—তোমাৰ কেলকেলনি খন এতিয়া সামৰি থোৱা। কছোন, মই দিয়া টকা খিনি কত থলি?
মা, কলি— ( কিছুমান বোল মৌন হৈ) অ—- সেই বুধবাৰে দিয়া শিকিটো, মই তাক কিয় থৈছোঁ, মুচিয়াৰক দিবলৈ দিছিল— দিলোঁ। ঘোড়াৰ পেটীডাল চিগিছিল, তাৰ যোৰোৱা বেছত মাৰি দিলোঁ।
কা, নিৰণ—মোৰ গাত এতিয়া ধেমালী লগা নাই। এতিয়া ৰঙ কৰিব নালাগে, ধন কত থলি ক? তই নাজাননে আমি ইয়াত আচহুৱা? সিমানবিলাক টকা তই কোনটো সাহেৰে লোকৰ হাতত থৈ আহিলি?
মা, কলি— মই আপোনাক সেৱা এটি কৰিছোঁ সেইবিলাক ধেমালী ভাতৰ পাতত বহি কৰিবগৈ; মোক আইয়ে লৰালৰিকৈ কৈ আপোনাক নিবলৈ টেকেলা পঠাইছে, যদি সুদা মুখেহে ওলাবগৈ লাগে, তেন্তে খুটাত বান্ধি লৈ টেকেলাৰ মান চাৰিব! আপোনাৰ খঙ মোৰ পিঠিতে সাৰিব। মই চাওঁতে মোৰ দৰেই আপোনাৰ ভোকত পেটে কলমলনি লগাব পায়। আৰু টেকেলা নলগাকৈয়ে ঘৰলৈ যাব লগা হব পায়।