পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৬ ]
 

তাপসী, কা, নিৰণ আৰু কা, কলিমনৰ পুনঃ প্ৰবেশ!

 তাপসী—মহাৰাজৰ জয় হওক! মহাৰাজ! এই (কামপুৰীয়া নিৰঞ্জনলৈ আঙ্গুলিয়াই ) বিপদীয়াৰ গোচৰলৈ কৰ্ণপাত কৰক।

[ সকলোৱে বেঢ়ি সিহঁতক চায়।

 মালতী—মই দেখোন দুজন স্বামী দেখিছোঁ, নে মোৰ চকুৰেই হে ভ্ৰম।

 ৰজা—ই কি! ইহঁত দুটাৰ এটা অৱশে মায়াবী; ইহঁত দুটাৰ কোনটো নো মানুহ কোনটো মায়াবী? কোনে কব পাৰে?

 মা, কলি—স্বৰ্গদেৱ! ময়ে কলিমন, তাক খেদাই দিয়ক।

 মা, কলি—স্বৰ্গদেৱ ঈশ্বৰ! মই হে কলিমন; মোক ৰাখক নেখেদাব।

[ কাঁও-বাঁও কৰে!

 কা, নিৰণ—আপুনি দেউতা নহয় নে? নাই আপুনিও কিবা মায়াবী হে?

 কা, কলি—অ এইয়া দেখোন আমাৰ বুঢ়া দেউতা। দেউতাক কোনে বান্ধিলে।

 তাপসী—যেয়ে বান্ধক, মই বান্ধ মোকোলাই দিওঁ। তেওঁৰ মুক্তিয়েই মোৰ স্বামী-লাভ। ডাঙ্গৰীয়া! কওক চোন আপোনাৰ সুমথিৰা নামে এজনী ভাৰ্য্যা আছিল নে? সেই ভাৰ্য্যাই একেবাৰেই দুটি সুন্দৰ সুন্দৰ লৰা প্ৰসৱ