সমললৈ যাওক

পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৪ ]
 
মা, নিৰণ—
মা, কলি—
হয়।

 ধনবৰ—তোমালোকে অৱশ্যে মোক চিনিব পাৰিছা। বোপা, তুমি মোলৈ চাই কিয় তধা লাগিছা? মোক তো তুমি বেছকৈ চিনাঁ।

 মা, নিৰণ—মই আপোনাক দেখা মনত নপড়ে।

 ধনবৰ—হায় হায়! দুখে শোকে মোৰ তেজ মাংস শুকুৱালে; কুটিল কালৰ হাতত মোৰ মুখৰ কান্তি হৰিল। মোৰ মুখ দেখি সেই কাৰণে নিচিনিব পাৰা। তেওঁ কোৱা চোন বোপা, তুমি মোৰ মাততো চিন ধৰিব পৰা নাই নে?

 মা, নিৰণ—কতা নাই পৰা দেখোন।

 ধনবৰ—কলিমন তই একা?

 মা, কলি—সঁচা কৈছোঁ দেও, মই পৰা নাই।

 ধনবৰ—মই ঠিক জানিছোঁ তই পাৰিছ।

 মা, কলি—তাতোকৈ ঠিক, দেউতা ঈশ্বৰ মই নাই পৰা। আৰু এতিয়া আপুনি, যেইয়ে যিহকে কয় তাকে পতিয়াবই লাগিব।

 ধনবৰ—অস্! অস,! মোৰ মাতো চিনিব নোৱৰা হল! হয় দুৰ্দ্দান্ত কাল! তোৰ কঠোৰ গতিয়ে কি এই সাত বছৰৰ ভিতৰতে মোৰ জিভাকো ইমানকৈ কোঁচ খুৱালে, যে মোৰ