মোৰ লগতে আছিল, এই বোৰ কথা সি এটাই বোৰ আপোন চকুৰে দেখিছিল; কিন্তু কি হব, সিহঁত দুইৰো একে ফিকিৰ। তাৰে পৰা তাক পঠিয়াই দিলোঁ, বোলোঁ মই আহঁতগুৰিতে লাহমনে সৈতে খোৱা-বোৱা কৰিম গৈ; তালৈকে তই মোলৈ গঢ়া হাৰগছ লৈ যাবি। সি শলাগি-শুলাগি গল হয়, কিন্তু আমাৰ ভাত-পানী খোৱা হৈ গল, তেও সি নোলাল গৈ। বেলি হোৱা দেখি ময়ে তাক বিচাৰি আহি এই মানুহটোৱে সৈতে বাটতে লগ পালোঁহি। সি মিছলীয়াই সোধ-পোছ নাই পোনে-পোনেই বোলে মোৰ হাৰ গছৰ বেচ দিয়ক। বাৰে কুৰি শপত খাই কলে যে মোক সি হাৰ-গছ দিলে, ধন পাবলৈ মাথোন বাঁকি। কিন্তু ঈশ্বৰে জানে, হাৰ-গছ কেনেকুৱা মই এতিয়ালৈকে চকুৰেই দেখা নাই। পাছে এটা কোটোৱালক মাতি সি মোক তেতি- য়াই ধৰালে। মইও স্বৰ্গদেৱক জনাই তাক সমুচিত দণ্ড দিয়াম বুলি একো আপত্তি নকৰি মান্তি হলোঁ৷ দিব লাগে বোলা ধন খিনি আনিবলৈ মোৰ লগুৱাটোকে ঘৰলৈ পঠিয়াই দিলোঁ৷ দি বাটচাই আছে ভালেখিনি বেলি, সি উভতি নাহিল। তাৰ পাচত মই কোটোৱালক খোলা-খুলি কৈ কলোঁ, ‘সি দেখোন আহি নেপালেহি; মোৰ লগত তয়ে মোৰ ঘৰলৈ বৈ, তাতে তোক টকা দি পঠিয়াই দিওঁ গৈ। এই বুলি দুইও গৈ আছোঁ, স্বৰ্গদেৱ! বাটতে দেখোন মোৰ তিৰোতা তাইৰ ভনীয়েক আৰু এমখা নীচ
পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১৮
অৱয়ব