মালতী—কত নো মৰোঁ গৈ! সৌৱা হয় দেখোন ডাঙ্গৰীয়াই! দেখিছা ঔ ৰাইজ সকল! তোমালোক সাক্ষী হবা হঁক, তেওঁক কিহবাই উড়ুৱাই লৈ ফুৰাইছে। এতিয়া আমাৰ আগতে এই মন্দিৰত সোমাল, এতিয়াই আকৌ এই পিনে ওলালহি; এনে কথা মনেৰেও ভাবিব নোৱাৰি।
মা, নিৰঞ্জন আৰু মা, কলিমনৰ প্ৰবেশ।
মা, নিৰণ–মহাৰাজ! বিচাৰ কৰক, স্বৰ্গদেৱ! ন্যায় বিচাৰ কাৰ বন্দীক ৰক্ষা কৰক। অনেক যুদ্ধত মোৰ এই দেহাকে আগ কৰি স্বৰ্গদেৱক ৰাখি যুজি ফুৰোঁতে মোৰ গাৰ মঙ্গহ বখলা-বখলে গৈছিল, সেই কথাক এতিয়া সোঁৱৰক। তেতিয়া মই যি টোপা তেজ স্বৰ্গদেৱৰ নিমিত্তে দিছিলোঁ, এতিয়া ন্যায় বিচাৰ কৰি স্বৰ্গদেৱে তাৰ বেচ মোক দিয়ক।
ধনবৰ—(মনে মনে) মৰাৰ ভয়ত যদি মোৰ চকুত চলি- হাই ধৰা নাই, তেনেহলে এই দুটা, মোৰ পো নিৰঞ্জন আৰু তাৰ লগুৱা কলিমন যেন লাগিছে।
মা, নিৰণ—স্বৰ্গদেৱ! এই পাপিষ্ঠী তিৰোতাক স্বৰ্গ- দেৱেই মোক দিয়ে; তাই আজি মোক যিমান অপমান- অমৰ্য্যাত কৰিছে, আৰু তাৰ দ্বাৰাই মোৰ যিমান অনিষ্ট হৈছে তাৰ সীমা নাই।
ৰজা—কেনেকৈ? প্ৰমাণ কৰাঁ, অৱশ্যে ন্যায় বিচাৰ কৰা হব।