তাপসী—এৰা, তাকে নোকোৱাঁ কিয়; সেই গুণেই হে মানুহটো বলিয়া হল। এনে তিৰোতাৰ মাত বলিয়া কুকুৰৰ দাঁততকৈও বিষাল। তোমাৰ উদ্ভণ্ডালিতে তেওঁৰ চকুৰ টোপনি নাইকিয়া হৈ বায়ু উধালে। তোমাৰ নিজৰ কথাতে ওলাইছে তেওঁৰ সদাই খোৱা-শোৱাত তোমাৰে পৰা অসুখ-অঁশাতি, যি খায় সিও জীণ নাযায়; বিহ-সনা যেন হয়। সেই গুণেই তেওঁৰ গাত জুই জলিল। আৰু বলিয়া হোৱা নো কি? একুৰা জুই মাথোন। তুমিয়েই কৈছা, তোমাৰ মাতৰ তাপতে তেওঁ এখন্তক মানুহৰ লগত ধেমালী-ধূমুলা কৰিও মন সুখেৰে থাকিবলৈ নাপায়, সেইবোৰ কথা তুমি উনুকিয়াই দিয়াঁ গৈ, এনেকৈ মনত সুখ শান্তিক অলপো ঠাই নিদিলে বায়ুৰ বহিৰে আৰু কি হে মুড়ত ঠাই পাব? খাওঁতে, শোওঁতে, ধেমালীত থাকোঁতে মানুহক সদাই অলপো তত নিদিলে মানুহ নেলাগে গৰু-মহো বলিয়া হব। শেহত এইয়ে হল গৈ যে তোমাৰ ঈৰ্ষ্যাৰ জুইয়ে তেওঁৰ জ্ঞানটি পুৰি চাই কৰিলে।
তৰা—বাইদেৱে কেতিয়াবা কিবা কিবি কলেও সেও হৈ হে কয়, তেওঁ হে জ্বলি-পকি উঠে।—নেমাতাঁ নো কিয়? ভেবা লাগি শুনি আছাঁ যে?
মালতী—তেওঁ মোক আপোন মুখতে ঘাটি খুৱালে। —হেৰা দেও সকল! দুজনমানে ভিতৰ সোমাই ডাঙ্গৰীয়াক ধৰি আনা বুজিছানে?