পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮০ ]

দেৱালয়, ইয়াৰ ভিতৰতে সোমাওক, নহলে আমাৰ ফালে আজি সাঙ্গ!

[ দুয়ো দেৱালয়ত সোমায়।

তাপসীৰ প্ৰবেশ।

 তাপসী—কি হৈছে? কিয় তোমালোকে গোলমাল কৰিছা?

 মালতী—আই, মোৰ স্বামী আপোনাৰ মন্দিৰলৈ সোমাইছে। তেওঁক ভূতেই পাইছে নে বিয়েই, কেৱলে ভ্ৰম হৈ ফুৰিছে। অনুগ্ৰহ কৰি যদি আমাক সোমাবলৈ দিয়ে আমি তেওঁক বান্ধি-চাটি ঘৰলৈ নি, বেজ-জ্ঞানী লগাব গৈ পাৰোঁ।

 সোণেশ্বৰ—তেওঁৰ যে মনৰ কিছু বিপাক হৈছে, মই বুজিব পাৰিছিলোঁ।

 অনিৰাম—এঃ! তেওঁ নকলে আপুনি, নেবুলি জনা হলে মই কেতিয়াও মাৰিবলৈ খেদি নাযাও। এতিয়া মোৰ মনত বেয়া হে লাগিছে।

 তাপসী—তোমাৰ স্বামীৰ নো তেনেকুৱা হবৰ কিমান দিন হৈছে।

 মালতী—'আজি সাতদিনমান তেওঁ মনটো কিছু গধূৰ কে ফুৰিছিল, আজি আবেলি হে তেওঁৰ টান কৈ জাঁই উঠিল।

 তাপসী—ইয়াৰ কাৰণ কি, কব পাৰা নে? তেওঁৰ কোনোবা আত্মীয় মানুহ হানি পড়িল নে কি? বা নাও বুৰি