পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৷ প্রথম খণ্ড। হিন্দু-ৰাজত্ব। প্রথম অধ্যায়। আমাৰ দেশৰ নাম ভাৰতবৰ্ষ৷ পুৰণি কালত ভৰত নামে এজন ৰজাই এই দেশত ৰাজত্ব কৰিছিল ৷ তেওঁৰ নাম অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হয়। বিদেশীবিলাকে ভাৰতবৰ্ষক “হিন্দুস্থান” বা “ইণ্ডিয়া” নামেৰে অভিহিত কৰি আহিছে। সিন্ধু নদীৰ নামৰ পৰ৷ এই দুই নামৰ উৎপত্তি হৈছে। ভাৰতবৰ্ষ অতি প্রাচীন দেশ, ইয়াৰ সভ্যতাও প্রাচীন। ভাৰতে যেতিয়া জ্ঞানৰ পোহৰ পাই শিল্প, বিজ্ঞান, দর্শন, জ্যোতিষত হাত দিছিল, তেতিয়া পৃথিবীৰ সৰহ ভাগেই অসভ্য বা অৰ্দ্ধসভ্য অৱস্থাত আছিল। এই ভাৰতেই অতীজতে দৰ্শন, ব্দে, উপনিষদ, সাহিত্যৰ জ্ঞান পশ্চিমৰ অনেক দেশত বিতৰণ কৰিছিল ৷ ভাৰতবৰ্ষ এখন বিশাল দেশ। ই আয়তনত প্ৰায় এখন মহাদেশেই আৰু লোক সংখ্যাও গোটেই পৃথিবীৰ এক-পঞ্চমাংশ মানেই হব ৷ এই ভাৰতৰ ভিতৰতে নানা জাতি, নানা ধৰ্ম্ম,