পৃষ্ঠা:ভাষণ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিবেদন

কোনো ভূমিকাৰ প্ৰয়োজন নাই।

 এই ৰচনাবোৰ তেখেতে নানা সভাসমিতিত সভাপতিৰূপে অভিভাষণ দিছিল। সেইবোৰ সিচৰিত হৈ পৰি আছিল। তাৰেই কেইখনমান সংগ্ৰহ কৰি “ভাষণ” নাম দি প্ৰকাশ কৰা হল।

 ইয়াৰ ৰচনা বিলাক ঠিক যেনে আছিল তেনেকৈয়ে প্ৰকাশ কৰা হৈছে; কিন্তু নকল কৰোঁতে আমি বহুত ঠাইত পাইছোঁ— “Explain” “amplify ইত্যাদি ধৰণৰ কথা লিখি থোৱা। সেইবোৰ কথা আৰু সৰল আৰু বিস্তৃত ভাবে হয়তো লিখাৰ উদ্দেশ্য আছিল; কিন্তু তেখেতে সেই কাম কৰিবলৈ সময় নেপালে।

 অসমীয়া সাহিত্যত ৰচনাৰ সংখ্যা অতি তাকৰ। এই বোৰ অভিভাষণ হলেও মূল্যবান ৰচনা। এই কিতাপখনি সেই অভাৱ কিছু পৰিমাণে দূৰ কৰিব পাৰিব বুলি বিশ্বাস।

 অসমীয়া ৰাইজে তেখেতক যি দৰে শ্ৰদ্ধা কৰিছিল আশাকৰোঁ তেখেতৰ ৰচনাকো সেইদৰে আদৰ কৰিব।

ইতি
বিনীত
— প্ৰকাশক