[১০৩]
ধাৰণা যে শিক্ষাৰ একমাত্ৰ উদেশ্য অৰ্থ উপাৰ্জন। এই ধাৰণা আমাৰ সমাজত প্ৰচলিত হৈছে দুটা কথাৰ পৰা— প্ৰথম পশ্চিমীয়া শিক্ষাৰ আৰম্ভ হল আমাৰ দিনত চাকৰিৰ কাৰণে উপযুক্ত মানুহ তৈয়াৰ কৰিবলৈ। তাৰপৰা দেখা গল যে যি লোকে এই ৰীতিত শিক্ষিত হৈ উঠে সেয়ে ধন আৰ্জিব পাৰে। প্ৰায় ৫০/৬০ বছৰ পূৰ্বে লিখা বঙালি শিশু-পাঠত মদন মোহন তৰ্কালঙ্কাৰে লিখিছিল—
“লেখা পঢ়া কৰে যে।
গাৰী ঘোড়া চড়ে সে।”
ওপৰৰ এই পদ ফাকিত সেই সময়ৰ শিক্ষাৰ উদেশ্যৰ সম্বন্ধে
কেনে ধাৰণা সহজ ভাষাত পোনপতীয়া কৈ কোৱা হৈছে।
লেখা-পঢ়া কৰি গাৰী ঘোৰাত উঠি ফুৰাই হৈ উঠিল শিক্ষাৰ
লক্ষ্য। দ্বিতীয়তে, আমাৰ দেশত জীৱিকা সমস্যাটো দিনক
দিনে ইমান জটিল আৰু কঠিন হৈ উঠিছে যে আমি
সকলোৱে স্কুলত সোমাবৰ দিন ধৰি ভাবিবলগীয়া হয়
কেনেকৈনো ভবিষ্যতে আমাৰ পেটৰ ভাত, গাৰ কাপোৰ
আৰ্জিব পাৰিম। এই দুই কথাৰ পৰা অৰ্থ উপাৰ্জ্জন শিক্ষাৰ
একমাত্ৰ উদ্দেশ্য বুলি আমাৰ এটা ভ্ৰান্ত বিশ্বাস হৈছে।
‘ভ্ৰান্ত” বুলি কৈয়ো এটা কথালৈ মই দৃষ্টি আকৰ্ষণ কৰিব
খোজোঁ। জীৱিকা-অৰ্জ্জন শিক্ষাৰ এটা প্ৰধান লক্ষ হোৱা
উচিত— এই কথা পাহৰিলে আমি বিপথত যাব লাগিব,
কিন্তু ই শিক্ষাৰ একমাত্ৰ লক্ষ হব নোৱাৰে, একমাত্ৰ লক্ষণ
বুলি ভাবিলে ভুল কৰা হব।