[১০১]
তেওঁবিলাকৰ এইবিলাক আপত্তি তেনেই অযৌক্তিক বুলি উৰাই দিব নোৱাৰি।
তেওঁবিলাকৰ মাজতো যুক্তিবাদী সকলে দুটা বিষয়ত সংস্কৃত শিক্ষা আৱশ্যকীয় বুলি স্বীকাৰ কৰে। প্ৰথম হৈছে, সামাজিক বিষয়ত অৰ্থাৎ সংক্ষেপতে কবলৈ হলে পৌৰোহিত্য কাৰ্য্য শিক্ষাৰ কাৰণে সংস্কৃত শিক্ষাৰ প্ৰয়োজন; আৰু দ্বিতীয় গবেষণাৰ অৰ্থে— অৰ্থাৎ প্ৰাচীন কালত সংস্কৃত কৃষ্টি আৰু সভ্যতা নো কেনে প্ৰকাৰৰ আছিল, আজিকালিৰ কৃষ্টি আৰু সভ্যতাৰ পৰা কিমান পৃথক বা তাৰ লগত কিমান মিল, ইত্যাদি বিলাক আলোচনাৰ অৰ্থে। এনে আলোচনাৰ বিশেষ ব্যৱহাৰিক প্ৰয়োজন আছে বুলি অনেকে স্বীকাৰকে নকৰে। কিন্তু বিদ্যা চৰ্চাৰ অৰ্থে আৰু প্ৰাচীন সামাজিক ৰীতি নীতিৰ জ্ঞান পাব পাৰি বুলি এনে আলোচনাৰ সমূলি মুল্য নাই বুলিও নকয়। কিন্তু শাস্ত্ৰৰ গভীৰ আলোচনাৰ অৰ্থে তেওঁলোকে টোলৰ আৱশ্যকতা নেদেখে। স্কুল কলেজ বিশ্ববিদ্যালয়ত সংস্কৃত শিক্ষা দিয়া হয়। যিবিলাক লোকে এই ভাষাত থাকা পুথি পত্ৰাদি আললাচনা কৰিব খোজে, তেওঁলোকে কলেজীয়া শিক্ষাৰ দ্বাৰাহে এই কাৰ্যলৈ প্ৰস্তুত হব পাৰে; আৰু এনে আলোচনাৰ অৰ্থে পশ্চিমী সাচৰ বিশ্ববিদ্যালয়হে প্ৰকৃত ঠাই। টোল বিলাকত তেনে শিক্ষা দিয়া নহয়, তেনে সুবিধা নাই; আৰু তেনে ধৰণৰ চেষ্টা কৰাও অসম্ভৱ। তেওঁলোকে আৰু দেখুৱাইছে যে সংস্কৃত বিদ্যা সম্পৰ্কে কিমানবিলাক