পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শলাগ।

 এই পুথিখনি ধাৰ্ম্মিক-প্ৰবৰ দেশ-হিতৈষী মহাত্মা শ্ৰীযুত মহেশ্বৰ গোস্বামী আৰু মই লগ লাগি প্ৰকাশ কৰিলোঁ। উপৰোক্ত মহোদয়ৰ অৰ্থ সাহায্য নোেপোৱা হলে এই কাৰ্য্য সফল নহল হেতেন। তাত বাজেও কলিকতাত থকা শ্ৰীযুত প্ৰাণেশ্বৰ দাসৰ পৰা যি সাহায্য পাইছোঁ তাৰ বাবে তেখেতৰ বহুত শলাগ লইছোঁ। তেখেত যত্ন কৰি প্ৰুফ চাই নিদিলে পুথিখনি কেতিয়াও ছপা কৰি উলিয়াব নোৱৰিলোঁ হেতেন। বিদেশত ছপা হোৱাৰ বাবে, আৰু মূল যিমান দূৰ পৰা যায় যেনে আছে তেনে ৰাখিবলৈ চেষ্টা কৰা বাবে, এই সংস্কৰণত বহুত বৰ্ণাশুদ্ধি আদি থাকি গল। ঈশ্বৰে কৰিলে দ্বিতীয় তাৰণত তাক শুদ্ধ কৰি উলিয়াবলৈ চেষ্টা কৰা যাব।

  ইতি
শ্ৰীআনন্দ চন্দ্ৰ দেব গোস্বামী
 বেদাস্ত্ৰাগীশ কবিবিশাৰদ।