পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সন্ত চৰিত্ৰ্ৰ।

সন্তৰ সঙ্গতি লই, হৰিক চিন্তিও যাই,
 সংসাৰ তৰিবা তেবে সুখে॥
কলিত নামেসে গতি, নামত কৰিও ৰতি,
 হৈব সিদ্ধি ধৰ্ম্ম অৰ্থ কাম।
কহে দ্বিজ শিশুমতি, সাধিয়ো আপন গতি,
 নিৰন্তৰে বোলা ৰাম ৰাম॥
কৃষ্ণৰ কিঙ্কৰ কবি চন্দ্ৰয়ে ৰচিলা ছবি,
 হৰিনামে কৰিয়োক সাৰ॥
হেন জানি সৰ্ব্বজন, কৃষ্ণ কথা দিয়া মন,
 হৰি নামে কৰিয়োক ৰতি।
বলে কবি চন্দ্ৰবৰ, শুনা সবে নিৰন্তৰ,
 ভবিষ্যত কথা সমাপতি॥
আনু সব কাম এৰি, হৰিৰ নামক স্মৰি,
 এৰা সবে আল জাল কাম।
বৈকুণ্ঠক যাইবা যেবে, এহি হেতু বোলা তেবে,
 নিৰন্তৰে সবে ৰাম ৰাম॥

⸻০⸻

সমাপ্ত