সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন

অল্পমান ক্ষীৰ হৈব ধেনু সমস্তয়।
দুগ্ধত নুহিব ঘৃত জানিবা নিশ্চয়॥
আকাশে মেঘত নুহিবে বহু জল।
শস্য সব হীন হৈব ধৰণী মণ্ডল॥
অকালতে বাঢ়িবেক নদ নদী যত।
দশ দিশে অদভূত মিলিবে উৎপাত॥
কলিত নৃপতি হৈব মহা ম্লেচ্ছগণ।
প্ৰজাক নিৰ্দ্দয়ে দণ্ডিবেক সৰ্ব্বজন॥
ধন নাপালে মাৰি খাইবে প্ৰজাচয়।
এহি মতে প্ৰজাৰ মিলিবে মহাক্ষয়॥
ফলৱন্ত বৃক্ষ সব নধৰিব ফল।
নদ নদী সমস্তৰ ক্ষীণ হব জল॥
চাৰিও জাতিৰ গুচিবেক কুলাচাৰ।
এক অন্ন যৌনিত ৰমিবে সবে নৰ॥
শুনিয়ো নাৰ মই কি কহিব কথা।
কলিৰ লোকৰ মই কি দিব ব্যৱস্থা॥
অন্নে বস্ত্ৰে নুজুৰিবে সমস্ত লোকৰ।
হৈবেক কুৎচিত প্ৰেত পিশাচ আকাৰ॥।
এহি মত কৰি দুষ্টে গ্ৰাসিবে সংসাৰ।
পাছে তাসম্বাক দয়া মিলিবে আমাৰ॥