পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন ৷

কলেবৰ লক্ষ প্ৰহৰেক জুৰি আসি।
পৃষ্ঠভাগে মন্দাৰক শৰীৰ উল্লাসি॥
উপজিব দেখিবা বৰাহ ৰূপ ধৰি।
দন্ত অগ্ৰে ভূমি উদ্ধাৰিব লীলা কৰি॥
আদি দৈত্য হিৰণ্যক্ষ নামে মহা চন্দ।
জগত কম্পাই সিটো কৰিব উদণ্ড॥
সিবেলাত আমাক দেখিবা নেত্ৰ ভৰি।
মাৰিবো দৈত্যক দন্তে হৃদয় বিদাৰি॥
ভাতৃশোকে হিৰণ্যকশিপু দুৰজয়।
মাধৱত পৰে মোৰ বৈৰি আনি নাই॥
এহি বুলি মোক নিন্দা কৰিব অসুৰ।
দেখি তাৰ হাতে ৰক্ষা নপৰে সংসাৰ॥
ব্ৰহ্মাৰ বৰত তাৰ অবধ্য শৰীৰ।
সিকাৰণে হৈবো নৰসিংহ অবতাৰ॥
পৃথিবী কম্পাবো ঘোৰ সিংহনাদ কৰি।
গোট গোট কৰি বাহিৰাই যত নাড়ী॥
অসুৰক নাশি শিৰে বান্ধিব পাগুৰি।
স্বৰ্গ মৰ্ত্ত্য পাতাল কম্পিব থৰ থৰি॥
ৰুধিৰে প্লাবিত হুয়া তেজিব ঘোৰ নাদ।
দেৱগণে সমে ভীত হৈবাহা নাৰদ॥