পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৴৹

হৈবে তজু সঙ্গী যাই,  "মাধৱ" নামক পাই,
প্ৰকাশিব শ্ৰৱন ধৰ্ম্মক॥”

দৈব বলে অবশ্যে তোমাক লগ পাইব।
তজু দৰশণত অজ্ঞান দূৰ হৈব॥
সন্তৰূপ ধৰি প্ৰচাৰিব হৰি কথা।
অন্তবত দেব দ্বিজ নিন্দিব সৰ্ব্বথা॥
হৈবেক মাধৱ নাম মহা বুদ্ধিমন্ত।
কবিতাত বিৰচিব মোৰ নাম যত॥

 ইয়াৰ পাচত দেৱতাবিলাক মৰ্ত্ত্যধামত আহি জন্ম গ্ৰহণ কৰিলে। সদাশিৱও কুসুম্বৰ ভূঞাঁৰ ঘৰত পুত্ৰৰূপে শঙ্কৰ নাম লৈ জন্ম গ্ৰহণ কৰিলে। বসুদেৱ গৌতম বংশত সদানন্দ ৰূপে, আৰু দৈৱকী সুশীল ৰূপে জন্ম ললে; আৰু শ্ৰীকৃষ্ণই সদানন্দৰ ঔৰসত সুশীলাৰ গৰ্ভত দামোদৰ ৰূপে জন্ম ললে। শ্ৰীশ্ৰীদামোদৰ দেৱৰ জন্ম হোৱাত শঙ্কৰ দেৱে তেওঁক চাবলৈ গৈ সদানন্দৰ আগত এই দৰে কৈছিল:-

“উপজিলা নাৰায়ণ তোমৰ গৃহত।
উদ্ধাৰিবে পৃথিৰীৰ লোক জীৱ যত॥
নিস্তাৰিব তোমাৰ উপৰি বংশ যত।
জগতৰে কল্যান সাধিব তজু সুত॥”

বাস্তবিকে চাবলৈ গলে দামোদৰ দেৱৰ জন্ম সময়ত শঙ্কৰদেৱে যি কেই আষাৰ কথা কৈছিল, তাৰ প্ৰতি আষাৰেই ফলিছিল। দামোদৰ দেৱৰ উপনয়ন আৰু ধিবাহদি সংস্কাৰ তেওঁৰ জন্ম স্থান নলঞ্চা