সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন


পদ।

জয় নমো যাদৱ মুকুন্দ দয়াশীল।
দামোদব ৰূপে কলি যুগে জনমিল॥
পাষণ্ড মৰ্দ্দন কৰি প্ৰচাৰিলা ধৰ্ম্ম।
কহিলো তাহান জন্ম ৰহস্য উত্তম॥
শুকমুনি বোলন্ত শুনিয়ো নৃপবৰ।
কহিবো তোমাত ভবিষ্যত কথা সাৰ॥
শুনা বাসুদেৱব ৰহস্য জন্ম কৰ্ম্ম।
মঙ্গলৰো মঙ্গল ধৰ্ম্মৰো মহা ধৰ্ম্ম॥
সৰ্ব্ব পাপ বিমৰ্দ্দন সৰ্ব্ব পুণ্যসাৰ।
সাৱধানে শুনি যাক তৰিবা সংসাৰ।
বিকালত ভৈলা নষ্ট শুনিয়ো জগত।
নষ্ট ভৈলা স্থাবৰ জঙ্গম আছে যত॥
চন্দ্ৰ সূৰ্য্য বায়ু বহ্ণি তৰুণ আকাশ।
জ্যোতি ৰূপ ৰস প্ৰাণী সবে ভৈলা নাশ॥
সেহি বেলা কৰযোৰে প্ৰভূৰ আগত।
নাৰদে পুছন্ত কথা কৰি প্ৰণিপাত॥
নাৰদ বদতি কথা জগত আধাৰ।
তযু চৰণত মাগো এখানি গোচৰ॥