সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভটিমা।

যোহি গোপবধু বিবিধ বিধঞ্চন
 পৰিৰম্ভল ভুজ মেলি।
যোহি যমুনা-জলে যামিনী কামিনী
 মিলি কৰয় ৰঙ্গ কেলি॥
দুষ্ট অৰিষ্টক মুষ্টিক মোড়ল
 শঙ্খচূড় লেলহু প্ৰাণ।
সোহি জগতগুরু  তেৰি সততে কৰু
 মঙ্গল মুকুতি বিধান॥
যোহি ভূমিক ভাৰ উতাৰল
 নিজ জন পূৰয়ে কাম।
পাপী পাপক মূল উপাড়ে
 উচ্চাৰি যাকেৰি নাম।৷
যাহে নাম শুনি নীচ শ্বপচ মুনি
 দোহোঁ হয় এক সমান।
সোহি জগতগুৰু তেৰি সততে করু
 মঙ্গল মুকুতি বিধান॥
সোহি বৈকুণ্ঠক কৃষ্ণক নাটক
 উতপাটক দুখমুল।
পুণ্যক সঞ্চল কলি-মল ধ্বংসন
 নাহি নাহি ওহি তুল॥