সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ভটিমা।

ভ্ৰূব ভঙ্গে চলিত মায়া
 অখণ্ড কৰু নিৰ্মাণ।
ৰোম কুপে কৰত আয়া যাত
 ৰেণু পৰমাণ॥
চাৰি বেদক ৰতন চূড়ামণি
 চৰণ বিকাশ।
জয় জয় জগত জীবন
 জয় জগত নিবাস॥
ভকত বৎসল জগত মঙ্গল
 ৰূপ যাকেৰি নাম।
দুঃখ মোচন কৰত পূৰণ
 ভকত জন মন কাম॥
দনুজ দাৰণ ভকত জনকো
 বন্ধু মুকুতি নিদান।
তোহাৰি চৰণে মাগোঁ হৰি কৰ
 প্ৰেম ভকতি বিধান॥
জগত নায়ক মুকুতি দায়ক
 জয় জগত আধাৰ।
শ্ৰবণ কীৰ্ত্তন ভক্তি যাকেৰি
 চাৰি বেদকো সাৰ॥