সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ভটিমা।

জয় জয় সৃষ্টি কৰতা হৰতা
 পাতা দেবক দেবা।
জয় জয় নখ মণি মণ্ডন কান্তি
 ভ্ৰান্তি খণ্ডক সেবা॥
জয় জয় কৰুণা সিন্ধু বন্ধু
 সেবক পালন কাৰী।
জয় জয় শঙ্খ চকৰ কৌমুদী
 লীলা পঙ্কজ ধাৰী।
জয় জয় মধুৰি মূৰতি মাধব
 মায়া ধমন অনাদি।
জয় জয় দামোদৰ বৰ দায়ক
 নায়ক বেদক বাদী॥
জয় জয় মল্ল বিমোড়ন কাৰী
 হাৰী পাতক ৰাশি।
জয় জয় ভকত বৎসল মন পূৰণ
 কুবজী কংসক দাসী॥
শুন সাধু জন ওহি নাৰায়ণ
 ৰহু হৃদি পঙ্কজ ঠাম।
কলি মল মোষণ ৰামক বাণী
 জানি নকৰ বিৰাম॥