সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ভটিমা।

জয় জয় গুণ তিনি মায়া বিতাৰি।
জয় জয় সৃষ্টি স্থিতি লয় কাৰী॥
জয় জয় নিৰ্গুণ মুৰুৰি মুৰাৰি।
জয় জয় বিৰিন্দা বিপিন বিহাৰী॥
জয় জয় লীলা পঙ্কজ ধাৰী।
জয় জগ তাপ ত্ৰয় অপহাৰী॥
জয় জয় কালিন্দী কুলচাৰী।
জয় জয় ৰঞ্জন গোপ কুমাৰী॥
জয় জয় গিৰি মন্দৰ ধাৰী।
জয় জয় গোকুল জন উপকাৰী॥
জয় জয় কৃষ্ণ মুৰুতি অবতাৰী।
জয় জয় কুবলয় জীবনহাৰী॥
জয় জয় মধু মূৰ নৰক বিদাৰী।
জয় জয় ক্ষিতি তল ভাৰ উতাৰি॥
জয় জয় শঙ্খ চকৰ গদা পাণি।
জয় জয় পীত বসন পৰিধানী॥
জয় জয় সকল নিগম নিৰমাণী।
জয় জয় নিজ জন মুকুতি নিদানি॥
জয় জয় জগত জনক নিজ ধাম।
জয় জয় জগ জন পূৰণ কাম॥