সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ভটিমা।

 হৰিক বিহাৰ
 জগত উদ্ধাৰ
 নিগমকো সাৰ
তাহে শুনিতে ভণিতে ভব পাৰ উতাৰ॥
 বিষয় বিলাস
 ওহি যম পাশ
 তেজ অভিলাষ
কৰু হৰি নামে সুদৃঢ় বিশ্বাস॥
 হৰি গুণ নাম
 আতি অনুপাম
 লেহু হৰি নাম
কহ শঙ্কৰ সব বোল ৰাম ৰাম॥২১॥


টোটয়।

মধু দানৱ দাৰণ দেৱ বৰং।
বৰ বাৰিজ লোচন চক্ৰধৰং॥
ধৰণীধৰ ধাৰণ ধ্যেয় পৰং।
পৰমাৰ্থ বিদ্যাশুভ নাশ কৰং॥