সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ভটিমা।

মদনক ধনু ভ্ৰূ ভঙ্গ।
ভুজ যুগ বলিত ভুজঙ্গ॥
নয়ন পঙ্কজ নব পাতা
কতল উতপল ৰাতা॥
অঙ্গুলি ললিত অমোল।
নখচয় চান্দক তুল॥
সুন্দৰ উদৰ কটি স্কন্ধ।
শোহে সিংহক বন্ধ॥
ঊৰু কৰি-কৰ নিৰমাণ।
চৰণ কমল-কোষ শ্যাম॥
পদতল ৰাতুল কান্তি।
ধ্বজ যব পঙ্কজ পান্তি।
মানুষ ঐসন ৰূপ।
নাহি মোহি কহলোঁ স্বৰূপ॥
নবীন বয়স সুকুমাৰ।
নাৰায়ণ অংশ অৱতাৰ॥
কিনো ভেলি ভাগ্য তোহাৰি।
ভুহোঁ নব তৰুণী কুমাৰী॥
বিধি মিলাৱত আনি।
তেৰি মনোৰথ জানি॥