সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ভটিমা।

 ভো ভো সাধু সভাসদ
 এবে মৰণ মহা আপদ।
জানহু কৃষ্ণ-চৰিত্ৰ মৃত্যু তাৰক
 কাৰক মুকুতি সম্পদ॥

 ধৰমক ৰাজা নাম
 জানি নকৰ বিৰাম।
 কৃষ্ণ-কিঙ্কৰ শঙ্কৰ কহৰি
 ডাকি বোলহু ৰাম ৰাম॥৭॥

পড়ি পুনু ভাট চপয় কহে বাণী।
কৃষ্ণ আগে গুণ রূপ বখানি॥
জয় যদুনন্দন দেৱক দেৱা।
তোহাৰি চৰণে কৰহোঁ বহু সেৱা॥

তোহি মহিমা কহুতু নাহি অন্ত।
পূৰল পৰমা কীৰিতি দিগন্ত॥
তুহোঁ সম পুৰুষ কতিহু নাহি পাই।
শুন অব বচনক বোলহোঁ গোসাঞী॥