সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ভটিমা ৷

পৰম পূরুষ পুৰাতন পাপী
 পাৱন ঈশ্বৰ দেৱ।
ব্ৰহ্মা ৰুদ্ৰ আদি দিকপাল
 যাসু কৰত নিত সেৱ।৷
যক্ষ ৰক্ষ  বিপক্ষ লক্ষ
 লক্ষ ক্ষয়ঙ্কাৰী।
দুষ্ট দৈত্য  দানৱ দলন
 দীন-দাৰিদ্ৰ্য-দুঃখ-ভয়হাৰী॥
অঘ বক কুবলয় ধেনুক কেশী
 কংস-নাশী বনমালী।
গোপী পীন পয়োধৰ ঘৰিষণ
 চঞ্চল কৰযুগশালী॥
আনন্দ সিন্ধু সাধুজন বন্ধু
 মধুৰ মূৰতি মুৰ-নাশী।
বিৰিন্দা বিপীন বিহাৰ বিশাৰদ
 শাৰদ ইন্দু পৰকাশী॥
কোটি মদন মন মোহন ৰূপী
 পৰশন পৰমানন্দ।
সিদ্ধ মুনিবৃন্দ শাৰদ বন্দিত
 জাকৰ এ পদ ছন্দ॥