পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৬৩
 


পৰমহংস নে? স্বামীজীয়ে ‘হয়’ বুলি কোৱাত চাহাবে দ্বিতীয়বাৰ প্ৰশ্ন কৰিলে, ‘আপুনি জানো ইয়াত ৰন্ধা অন্ন খাব? তেতিয়া স্বামীজীয়ে সুধিলে, “আপুনি জানো মোৰ অন্ন খাব?’ চাহাবে উত্তৰ দিলে, ‘মই পৰমহংস নহওঁ, তথাপি মই যি কোনো লোকৰে অন্ন খাওঁ।’

 স্বামীজীয়ে তাতেই নিজৰ হাতত মলত্যাগ কৰিলে আৰু হাতখন আগবঢ়াই দি গোৱিন্দ চাহাবক কলে, ‘এয়া লওক মোৰ অন্ন। আপুনি ইয়াক খাই দেখুৱাওক।’ চাহাবৰ বৰ ঘিন লাগিল আৰু খং উঠি কলে, ‘এয়া জানো কোনো মানুহে খোৱাৰ উপযুক্ত বস্তু?’ তেতিয়া স্বামীজীয়ে সেই বিষ্ঠা খাই পেলালে আৰু হাতখন মচিকুচি পৰিষ্কাৰ কৰি ললে। তাকে দেখি চাহাবে স্বামীজীক এৰি দিলে আৰু তাৰ পিচতে স্বামীজীৰ সম্বন্ধে আৰু কোনো প্ৰশ্নকে নকৰিলে।

 মই ১৯০২ চনত কাশীত থকাৰ সময়ত তাৰ পণ্ডিতসকলে অতিশয় শ্ৰদ্ধাৰে এই কাহিনী মোৰ আগত বৰ্ণনা কৰিছিল আৰু তাৰ আগতেই সেই শ্ৰদ্ধাৰ প্ৰেৰণাৰে ‘কাশীযাত্ৰা’ নামৰ পুথিখনত এই কাহিনীটো প্ৰকাশ কৰা হৈছিল।

 আধুনিক তপস্যা—তেলঙ্গ স্বামীয়ে ঠিক জাৰৰ দিনত অকল মাথোন মূৰটো বাহিৰ উলিয়াই গঙ্গাৰ মাজত বহি থাকিছিল আৰু ঠিক জহৰ দিনত গঙ্গাৰ বালিত বহি থাকিছিল, সেই সময়ত তেনে বালিৰে খোজকাঢ়ি গলেও ভৰিত ধুৱা ফুটিছিল।

 বহুতেই অৱশ্যে লোৰ কাঁইটৰ খাট সাজি তাৰ ওপৰত শুই থকা বৈৰাগী দেখিবলৈ পাইছে। ১৯০২ চনত কাশীৰ বিন্দুমাধৱৰ মন্দিৰত এনে এজন বৈৰাগী আছিল। কাঠৰ লেঙুটী পিন্ধি ঘুৰি ফুৰা সাধু বৈৰাগীও মই নিজেই দেখিছোঁ।

 তপশ্চৰ্য্যাৰ প্ৰতি শ্ৰমণসকলৰ নিষ্ঠা—ওপৰত উল্লেখ কৰা