পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
৩৫
 

নহয়। তাত ভিক্ষুশিষ্যৰ সংখ্যা বৰ কম আছিল। গতিকে এই অঞ্চলৰ কাৰণে বুদ্ধ ভগৱানে এই বুলি আদেশ দিছিল যাতে তাত পাঁচজন ভিক্ষুৱেও আন ভিক্ষুক উপসম্পদা দি সংঘত প্ৰৱেশ কৰাব পাৰিছিল। মধ্যদেশত হলে ইয়াৰ কাৰণে অন্ততঃ কুৰিজন ভিক্ষুৰ আৱশ্যকতা আছিল।[৮]

 ১৫। গন্ধাৰ (গান্ধাৰ)–ইয়াৰ ৰাজধানী আছিল তক্কসিলা (তক্ষশিলা)। ইযাত পুক্কুসাতি নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ আদহীয়া বয়সত ৰাজ্য ত্যাগ কৰে আৰু খোজ কাঢ়ি ৰাজগৃহলৈকে যায় আৰু তাত ভিক্ষু-সংঘত প্ৰৱেশ কৰে। তাৰ পিচত পাত্ৰ আৰু চীৱৰ ৰিচাৰি ঘুৰি ফুৰোঁতে এজনী বলিযা গৰুৱে তেওঁক মাৰি পেলায়। ‘মঝ্‌ঝিমনিকায়’ৰ 'ধাতুৱিভঙ্গসুত্ত’ত তেওঁক গৰুৱে খুচি মৰাৰ কথা পোৱা যায়। তেওঁ তক্ষশিলাৰ ৰজা আছিল। কিদৰে বিম্বিসাৰ ৰজাৰ লগত তেওঁৰ মিত্ৰতা হৈছিল, এই সুত্তৰ অট্‌ঠকথাত তাৰো বিস্তৃত বৰ্ণনা আছে। তাৰ সাৰাংশ হল এই—

 তক্ষশিলাৰ কেইজনমান বেপাৰী ৰাজগৃহলৈ গৈছিল। বিম্বিসাৰে তেওঁৰ চিৰাচৰিত অভ্যাস অনুসৰি তেওঁলোকক আদৰ সৎকাৰ কৰি তেওঁলোকৰ ৰজাৰ স্বভাৱ প্ৰকৃতিৰ কথা সুধিলে। বেপাৰী কেইজনে কলে যে তক্ষশিলাৰ ৰজা অতিশয় সজ্জন আৰু ৰজাৰ বয়সো তেওঁৰ সমানেই হব। তেতিয়া তক্ষশিলাৰ ৰজাৰ প্ৰতি বিম্বিসাৰৰ মনত মৰম জন্মিল। তেওঁ বেপাৰী কেইজনৰ কৰ মাফ কৰি দিলে আৰু ৰজাৰ ওচৰলৈ মিত্ৰতাৰ সন্দেশ পঠালে। এই কথাত পুক্কুসাতি ৰজা বিম্বিসাৰৰ ওপৰত বৰ প্ৰসন্ন হল। তেৱোঁ‌ মগধদেশৰ পৰা অহা বেপাৰী সকলৰ কৰ মাফ কৰি দিলে আৰু সেই বেপাৰীসকলৰ লগতে নিজৰ চাকৰৰ


(৮)^  মহাৱগ্‌গ, ভাগ ৮ম; বৌদ্ধ সঙ্ঘাচা পৰিচয়, পৃষ্ঠা ৩০-৩১।